Kaanchi Multimedia

Weddings • Albums • Modeling • Birthdays

ঢেকীয়াজুলিত ১৪ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ তিনি যুৱক।

NE live24, ঢেকীয়াজুলি, ২২ ছেপ্টেম্বৰ: শেহতীয়াকৈ নেচনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰ’ৰ প্ৰতিবেদনত নাৰীজনিত অপৰাধৰ ক্ষেত্ৰত দেশৰ ভিতৰতে শীৰ্ষত অসম বুলি উদ্বেগজনক তথ্য উন্মোচিত হৈছে৷ বিহাৰ, উত্তৰ প্ৰদেশকো চেৰাই নাৰীজনিত অপৰাধৰ ক্ষেত্ৰত শীৰ্ষত অসম৷ ইয়াৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই ৰাজ্যত এটাৰ পিছত আনটোত নাৰীজনিত অপৰাধ সংঘটিত হৈছে৷ শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি থানাৰ অন্তৰ্গত ৰাক্ষকমাৰী অঞ্চলত চিনেমা কায়দাৰে তিনি যুৱকে এগৰাকী ১৪ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত৷ ঘটনাৰ স্থান ঢেকীয়াজুলিৰ ৰাক্ষকমাৰীৰ সৰুপথাৰ গাঁৱত৷ যোৱানিশা কাষৰীয়া এখন গাঁৱত অনুষ্ঠিত কৰম পুজা চাবলৈ সম্পৰ্কীয় ককায়েকৰ সৈতে অহা এগৰাকী ১৪ বছৰীয়া কিশোৰীক ৰূপম নাথ [২৭], ৰাহুল নাথ [২১] আৰু শিৱা চাছনি [২১] নামৰ তিনি যুৱকে কৰম পূজাস্থলীৰ পৰা মটৰ চাইকেলেৰে অনুসৰণ কৰি বাটত আগভেটি ধৰে৷ কিশোৰীগৰাকীক তিনি লম্পট যুৱকে বলপূৰ্বকভাৱে সেই ঠাইৰ পৰা কিছু আঁতৰত লৈ অসৎ কাৰ্য সংঘটিত কৰে৷ ইপিনে, কিশোৰীগৰাকীৰ ককায়েকে ঘটনাস্থলীৰ পৰা কোনোমতে পলায়ন কৰি কাষৰীয়া গাঁৱত গৈ নিশাই গাঁওবাসীক ঘটনাৰ সৱিশেষ বিৱৰি কয়৷ পিছত গাঁওবাসীৰ সহযোগত নিশাই কিশোৰীগৰাকীৰ ককায়েক ঘটনাস্থলীত উপস্থিত হৈ ভুক্তভোগী কিশোৰীগৰাকীক যুৱকৰ কবলৰ পৰা উদ্ধাৰ কৰাৰ লগতে তিনি যুৱকক হাতে-লোটে কৰায়ত্ত কৰে৷ ঘটনা সন্দৰ্ভত নিশাই আৰক্ষীক অৱগত কৰাত ঘটনাস্থলীত ঢেকীয়াজুলিৰ ৰাক্ষকমাৰী আৰক্ষী উপস্থিত হৈ তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰে৷ এই জঘন্য ঘটনা সন্দৰ্ভত ৰাক্ষকমাৰী আৰক্ষীয়ে গোচৰ ৰুজু কৰি অভিযুক্ত তিনি যুৱকক গ্ৰেপ্তাৰ কৰাৰ পিছত আজি জে’ল হাজোতলৈ প্ৰেৰণ কৰে৷ ইফালে এই জঘন্য ঘটনাক তীব্ৰ গৰিহণা দিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ঢেকীয়াজুলি আঞ্চলিক সমিতিয়ে৷ আছা নেতা নাৰায়ণ সিং গোড়ে দোষীৰ কঠোৰ শাস্তিৰ দাবী জনায়৷
Custody from গণ বাৰ্তা বিশেষ

Post a Comment

Previous Post Next Post