Kaanchi Multimedia

Weddings • Albums • Modeling • Birthdays

শিৱসাগৰৰ নৱনিযুক্ত উপায়ুক্ত মেঘনিধি দাহালক সম্বৰ্দ্ধনা চৰাইদেউ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ

শিৱসাগৰ, ০৩ চেপ্টেম্বৰ: সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, চৰাইদেউ জিলা সমিতিৰ এটি সঁজাতি দলে আজি ঐতিহাসিক শিৱসাগৰ জিলাৰ নৱনিযুক্ত উপায়ুক্ত আই.এ.এছ বিষয়া মেঘনিধি দাহালক জিলা উপায়ুক্ত কাৰ্যালয়ত সাক্ষাৎ কৰি শিৱসাগৰ জিলালৈ আদৰণি ও সম্বৰ্দ্ধনা জনাই।

শিৱসাগৰৰ নৱনিযুক্ত উপায়ুক্তগৰাকীক এখন ফুলন গামোচা, ঢাকা টোপী (গোৰ্খা টুপী), শৰাই আৰু এখন অভিনন্দন পত্ৰ প্ৰদান কৰি সম্বৰ্দ্ধনা জনাই গোৰ্খা ছাত্ৰ সন্থা চৰাইদেউ জিলা সমিতিয়ে।

গোৰ্খা ছাত্ৰ সন্থা চৰাইদেউ জিলা সমিতিৰ সভাপতি সুৰজ থাপাৰ নেতৃত্বত যোৱা উক্ত সঁজাতি দলত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰাক্তন মূখপাত্ৰ সম্পাদক পুৰুষোত্তম চুব্বা, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক বিৰাজ লিম্বু, চৰাইদেউ জিলা সমিতিৰ প্ৰাক্তন সভাপতি অমৃত গুৰুং, শিৱসাগৰ জিলা সমিতিৰ সভাপতি কাশীৰাম ৰিজাল, উপ-সভাপতি বিষ্ণু শৰ্মা, সাধাৰণ সম্পাদক অশোক লামা, সহকাৰী সম্পাদক লাল বাহাদুৰ থাপা, মূখপাত্ৰ সম্পাদক ৰাজীৱ ৰাই আৰু সোণাৰি আঞ্চলিক সমিতিৰ সভাপতি ৰামজী নেৱাৰ উপস্থিত থকা বুলি জানিব পৰা গৈছে।

Post a Comment

Previous Post Next Post