মাৰ্ঘেৰিটাৰ পৰা প্ৰতীক ছেত্ৰীৰ প্ৰতিবেদন, ০৪ চেপ্টেম্বৰ: তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়া পাৰ্থপ্ৰতিম দাসৰ নেতৃত্বত আজি মাৰ্ঘেৰিটাৰ দুটা ভিন্ন স্থানত অভিযান চলাই ২৭ গ্ৰাম ড্ৰাগছ জব্দ কৰাৰ লগতে নগদ ৪৭ হাজাৰ টকা জব্দ কৰে আৰক্ষীয়ে।
জানিব পৰা মতে, ইতিমধ্যে ৰাজকুমাৰ ছেত্ৰী আৰু জগত বাহাদুৰ দমাই নামৰ দুজন ব্যক্তিক আৰক্ষীয়ে আটক কৰি বৰ্তমান সোধা-পোছা অব্যাহত ৰাখিছে।
উল্লেখ্য যে, ৰাজকুমাৰ ছেত্ৰী নামৰ ব্যক্তিজন বিজেপিৰ এজন তথাকথিত নেতাৰ গাড়ী চালক। বৰ্তমান মাৰ্ঘেৰিটা আৰক্ষীয়ে PS u/s 21(b)/29 নম্বৰৰ এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।
Post a Comment