Kaanchi Multimedia

Weddings • Albums • Modeling • Birthdays

স্বাধীনতা সংগ্ৰামী প্ৰসাদ সিং চুব্বাৰ আজি ১১৪ সংখ্যক জন্ম জয়ন্তী

নিউজ ডেক্স, ১০ চেপ্টেম্বৰ: স্বাধীনতা সংগ্ৰামী প্ৰসাদ সিং চুব্বাৰ আজি ১১৪ সংখ্যক জন্মজয়ন্তী। আহকচোন জানো প্ৰসাদ সিং চুব্বাৰ সংক্ষিপ্ত পৰিচয়।

ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ ইতিহাসৰ পটভূমিত অসম প্ৰান্তৰ স্বাধীনতা যুদ্ধাৰ ভিতৰত অন্যতম নাম হ'ল প্ৰসাদ সিং চুব্বা। ১৯০৮ চনৰ ১০ ছেপ্টেম্বৰৰ দিনা অবিভক্ত শোণিতপুৰ জিলা অন্তৰ্গত (বৰ্তমান বিশ্বনাথ) গহপুৰৰ গজপুৰে চাপৰিত পিতৃ মন বাহাদুৰ চুব্বা ঔৰসত আৰু মাতৃ ধনৰাণী দেৱীৰ গৰ্ভত প্ৰসাদ সিং চুব্বা দেৱে জন্ম গ্ৰহণ লাভ কৰিছিল। বাল্যকালৰ পৰাই ঘৰৰ গুৰু দায়িত্ব পোৱাৰ বাবে প্ৰসাদ সিং চুব্বা দেৱক ধৈৰ্যশীল হ'বলৈ শিকায়।উচ্চ শিক্ষা গ্ৰহণৰ সুযোগ নোপোৱাৰ বাবে নিজৰ সন্তানক উচ্চ শিক্ষা প্ৰদানৰ প্ৰেৰণা জন্মে। নিৰক্ষৰ যদিও জ্ঞানৰ অন্বেষণত ব্ৰতী প্ৰসাদ বাবুয়ে অসমীয়া,ইংৰাজী,হিন্দী,বাংলা আৰু গোৰ্খা ভাষা পঢ়িব আৰু লিখিব পাৰিছিল। তেওঁ এজন বিশাল ব্যক্তিত্বৰ গৰাকী আছিল। তেখেত একেধাৰে মহান স্বাধীনতা সংগ্ৰামী,সমাজ সংগঠক,সমাজ সংস্কাৰক আৰু লগতে জাতীয় সমন্বয়ৰ অন্যতম প্ৰতীক আছিল।স্বাধীনতা সংগ্ৰামী ,সমাজ সেৱক প্ৰসাদ সিং চুব্বাই সহজ সৰল জীৱন অতিবাহিত কৰা লগতে সমাজৰ লগতে নিজৰ পৰিয়ালবৰ্গকো এই আদৰ্শ পোষণ কৰিবলৈ শিকাইছিল। অহিংসা নীতিৰ পোষক চুব্বা উচ্চ বিচাৰধাৰা বিশাল ভাৱভঙ্গী,সুস্থ মানৱতা, নিৰপেক্ষ তথা বলিষ্ঠ বিচক্ষণতা নেতৃত্ববোধ আদি গুণসমূহ তেওঁৰ ব্যক্তিত্বক এক উল্লেখযোগ্য আকাৰ হিচাপে জিলিকাই ৰাখিছিল।
                জাতিৰ পিতা মহাত্মা গান্ধীৰ মহান আদৰ্শৰে অনুপ্ৰাণিত হৈ প্ৰসাদ সিং চুব্বা স্বাধীনতা সংগ্ৰামত সক্ৰিয়ভাৱে নামি পৰিছিল। বৃটিছে ভাৰতবৰ্ষত চলাই থকা শোষণ আৰু বঞ্চনাৰ প্ৰতিবাদত জনগণক সজাগ কৰাৰ ক্ষেত্ৰত চুব্বাৰ গুৰুত্বপুৰ্ণ ভুমিকা আছিল। বৃটিছৰ বিৰুদ্ধে ১৯৩০ চনত ব্ৰহ্মপুত্ৰৰ বুঢ়া চাপৰিত সংগ্ৰামী শাখা গঠন কৰি ৰাইজক সু-সংগঠিত কৰিবলৈ সক্ষম হৈ জাতিৰ আদৰ্শ হিচাপে প্ৰদৰ্শন কৰে। ভাৰতীয় স্বাধীনতা আন্দোলনত প্ৰসাদ সিং চুব্বাই সেই সময়ৰ অন্যতম ব্যক্তিত্ব অসমৰ স্বাধীনতা সংগ্ৰামী অমিয় কুমাৰ দাস, বিজয় চন্দ্ৰ ভাগৱতী, বিষ্ণু লাল উপাধ্যায়,মহাদেৱ শৰ্মা, বিমলা প্ৰসাদ চলিহা, বিষ্ণুৰাম মেধি, ছবি লাল উপাধ্যায়, নিত্যোনন্দ তিমচিনা, আদি বৰেণ্য নেতা সকলৰ লগলাগি আন্দোলনত আগভাগ লৈছিল। স্বাধীনতা আন্দোলনৰ সময়তে বৃটিছ সম্ৰাজ্যবাদৰ বিৰুদ্ধে মহাত্মা গান্ধীয়ে অহিংসভাৱে যুদ্ধ কৰাৰ লগতে আনফালে জনহিতকৰ গঠনমূলক আচঁনিৰ ওপৰত বিশেষ গুৰুত্ব দিছিল। গান্ধীজীৰ সেই গঠনমূলক আচঁনিয়ে গাঁৱে ভুঁৱে,নগৰে চহৰে দেশত জনসেৱাৰ প্ৰৱল ভাৱনা সৃষ্টি কৰিছিল। সেই আদৰ্শত অনুপ্ৰাণিত হৈ চুব্বাই তেওঁৰ জীৱন গঢ়ি তুলিবলৈ চেষ্টা কৰিছিল আৰু স্বাধীনতা সংগ্ৰামত এজন নিৰ্ভীক সৈনিক হিচাপে কাম কৰিছিল আৰু গঠনমূলক কামতো বৰঙণি যোগাইছিল।
                গান্ধীজীৰ "স্বদেশী বস্তু গ্ৰহণ বিদেশী বস্তু বৰ্জন" ৰ আদৰ্শ নীতিৰ দ্বাৰা প্ৰভাৱাম্ভিত হোৱা চুব্বাজীয়ে নিজেই আদৰ্শ দেখুৱাই দুগ্ধ পাম স্থাপন কৰিছিল। তেজপুৰৰ নিকটৱৰ্তী বুঢ়া চাপৰি তথা দাঁতকাষৰীয়া কৃষক গো-পালক বন্ধু সকলৰ সুৰক্ষা বাবে সংগঠন এটা প্ৰয়োজনীয়তা অনুভৱ কৰি "#তেজপুৰ_গ্ৰেজিয়াৰ্ছ_এচোচিয়েচন"ৰ ১৯৩৩ চনত প্ৰতিষ্ঠা কৰা হৈছিল। উক্ত প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাপক সভাপতি আছিল চুব্বা ডাঙৰীয়া। পৰৱৰ্তী সময়ত তেজপুৰ গ্ৰেজিয়াৰ্ছ এচোচিয়েচনক আদৰ্শ অনুকৰণ কৰি সমগ্ৰ অসম প্ৰান্তৰ গোপচাৰ আৰু গো-পালক সকলৰ সুৰক্ষাৰ্থে 'অসম_গ্ৰেজিয়াৰ্ছ_এচোচিয়েচন'ৰ গঠন হৈছিল। চুব্বা ডাঙৰীয়া উক্ত অনুষ্ঠানৰ সৈতে একাত্মকভাৱে জড়িত আছিল।এই গ্ৰেজিয়াৰ্ছ এচোচিয়েচনৰ জৰিয়তে চুব্বাদেৱ অন্যান্য জাতি সম্প্ৰদায়ৰ মাজত সোমাই যোৱাৰ সুযোগ লাভ কৰিছিল। সেই সময়ত তেখেতে তেজপুৰৰ মহাদেৱ শৰ্মা,মহীকান্ত দাস,কমলা প্ৰসাদ আগৰৱালা, লম্বোদৰ কলিতা, কৰ্মবীৰ চন্দ্ৰ নাথ শৰ্মা আদি  স্বাধীনতা সংগ্ৰামী সকলৰ সানিধ্য লাভ কৰিবলৈ সক্ষম হৈছিল।
      ‌‌        ইয়াৰ পৰৱৰ্তী সময়ত মহাত্মা গান্ধীৰ অহিংসা নীতি আৰু বাণী সমূহ বিশেষকৈ অসমৰ গোৰ্খা সমাজৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰ কৰিবলৈ আৰম্ভ কৰে। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদ গ্ৰহণ কৰি সক্ৰিয় ৰূপত সেৱা দান কৰিবলৈ ললে। পৰৱৰ্তী সময়ত চুব্বাজীক প্ৰাইমাৰী কংগ্ৰেছ কমিটিৰ সভাপতি পদত অধিষ্ঠিত কৰাই সাংগঠনিক গতি-বিধি আগবঢ়াই নিবলৈ দায়িত্ব অৰ্পণ কৰিছিল। প্ৰতিজ্ঞাবদ্ধ প্ৰসাদ সিং চুব্বাই 'অখিল ভাৰতীয় গোৰ্খা লীগ'ৰ অসমৰ শাখা স্থাপন কৰাৰ যোগেদি গোৰ্খা সমাজত সামাজিক  শৈক্ষিক আৰু ৰাজনৈতিক সচেতনতা উজ্জীৱিত কৰাৰ ক্ষেত্ৰতো অগ্ৰনী ভূমিকা পালন কৰিছিল। দেশৰ প্ৰতি নিজৰ দায়বদ্ধতা পালন কৰাৰ বাবে ৰাইজক সচেতন হোৱাৰ লগতে আন্দোলনত সক্ৰিয় অংশগ্ৰহনৰ বাবে আহ্বান জনাই জনতাক সংগঠিত কৰিছিল। বৃটিছৰাজৰ অৱসান ঘটোৱাৰ লক্ষ্যৰে দেশৰ মহান স্বাধীনতা সংগ্ৰামীৰ সৈতে সমিল মিলেৰে আন্দোলনৰ বলিষ্ঠ পৃষ্ঠপোষকতা কৰা প্ৰসাদ সিং চুব্বাই নিজৰ সাংগঠনিক দক্ষতা, জাতীয় সংগ্ৰামী সত্তা,বিচক্ষণতাৰ বলত সমগ্ৰ আন্দোলনৰ ধাৰাক এক অনন্য গতি প্ৰদান কৰাৰ ক্ষেত্ৰত লোৱা গুৰুত্বপূৰ্ণ ভুমিকাৰ বাবে চুব্বা আজিও জাতীয় গৌৰৱ। সেয়েহে ১৯৫০ চনত অসম প্ৰাদেশিক গোৰ্খা লীগৰ নেতা চেতে ৰাণা আৰু কৰ্মকৰ্তা সকলে প্ৰসাদ সিং চুব্বাক #গোৰ্খা_গান্ধী উপাধী প্ৰদান কৰিছিল। ১৯৬৮ চনৰ এপ্ৰিল মাহত লক্ষীমপুৰ জিলাৰ ৰামপুৰত গোৰ্খা সন্মিলনৰ অধিবেশনত দলবীৰ সিং লোাহাৰ সভাপতি আৰু প্ৰসাদ সিং চুব্বা উপ সভাপতিৰ পদত নিৰ্বাচিত হৈছিল।
                ১৯৪২ চনৰ ২০ চেপ্টেম্বৰ তাৰিখে তেজপুৰ থানাত কংগ্ৰেছৰ পতাকা উত্তোলনৰ কাৰ্যসূচীত প্ৰসাদ সিং চুব্বা ডাঙৰীয়াই বিশেষ ভূমিকা পালন কৰিছিল। চুব্বাজীৰ নেতৃত্ব স্বীকাৰ কৰি বুঢ়া চাপৰিৰ পৰা অগনণ লোক আগদিনাই জাহাজ ঘাটেদি তেজপুৰ চহৰত প্ৰৱেশ কৰি উক্ত কাৰ্যসূচীত অংশ গ্ৰহণ কৰিছিল।
                এজন স্বাধীনতা যুদ্ধৰ বীৰ সৈনিক, সমাজ কল্যাণৰ কামত আজীৱন লাগি থকা সেৱাব্ৰতী,ৰাজহুৱা আৰু ৰাজনৈতিক বিষয়ৰ সকলো খা-খবৰ ৰখাৰ সৈতে সজাক আৰু সক্ৰিয় মনৰ এজন কৰ্মী আৰু ধৰ্মপৰায়ণ লোক হিচাপে প্ৰসাদ সিং চুব্বাৰ জীৱন কাহিনীয়ে সদায় প্ৰেৰণা যোগাব। এনে এজন পুৰুষৰ স্মৃতিৰ প্ৰতি মই মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ।১৯৫১ চনত তেজপুৰ চেছন আদালতৰ জুৰি সদস্য আৰু ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ সক্ৰিয় কৰ্মী,স্বাধীনতা সংগ্ৰামী, সত্ নীতি-নিষ্ঠ এইজনা জন নেতা ,জনতাৰ সেৱক, প্ৰসাদ সিং চুব্বা দেৱৰ ১৯৮৬ চনৰ ২৭ অক্টোবৰত মহাপ্ৰয়ান ঘটে।

Post a Comment

Previous Post Next Post