Kaanchi Multimedia

Weddings • Albums • Modeling • Birthdays

বৰছলাৰ প্ৰাক্তন বিধায়ক ৰুদ্ৰ পৰাজুলিক 'প্ৰসাদ সিং চুব্বা স্মৃতি সেৱা সন্মান' বঁটা প্ৰদান

শোণিতপুৰ, ১০ চেপ্টেম্বৰ: বৰছলা বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰুদ্ৰ পৰাজুলিক আজি স্বাধীনতা সংগ্ৰামী 'প্ৰসাদ সিং চুব্বা স্মৃতি সেৱা সন্মান' বঁটা প্ৰদান কৰা হয়।

ভাৰতীয় স্বাধীনতা সংগ্ৰামী প্ৰয়াত প্ৰসাদ সিং চুব্বাৰ ১১৪ সংখ্যক জন্ম জয়ন্তী উপলক্ষে আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত গোৰুডুবাস্থিত সৰস্বতী পৰাজুলি স্মৃতি প্ৰাথমিক বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত হোৱা জন্ম জয়ন্তী অনুষ্ঠানত প্ৰদান কৰা হয় এই বিশেষ বঁটা।

ইফালে বঁটা প্ৰদান অনুষ্ঠানত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ সভাপতি অৰ্জুন ছেত্ৰী, কাৰ্যালয় সম্পাদক বিকাশ শৰ্মা, শিক্ষা বিভাগৰ সদস্য ত্ৰিদেৱ বিষ্ট, কেন্দ্ৰীয় সদস্য সুনীল ছেত্ৰী, ওদালগুৰি জিলা সমিতিৰ সভাপতি সোমৰাজ সোনাৰ, সাধাৰণ সম্পাদক সঞ্জীৱ সতিওড়া, গোৰ্খা উন্নয়ন পৰিষদ, অসমৰ অধ্যক্ষ তথা গোৰ্খা ছাত্ৰ সন্থা প্ৰাক্তন কেন্দ্ৰীয় সভাপতি প্ৰেম তামাং, সদস্য সঞ্জীৱ ছেত্ৰী, গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা বিজেপি নেতা জগদীশ খনাল, প্ৰাক্তন সাধাৰণ সম্পাদক গোপাল আচাৰ্য, বৰছলাৰ বিধায়ক গণেশ কুমাৰ লিম্বু আৰু স্বাধীনতা সংগ্ৰামী প্ৰয়াত প্ৰসাদ সিং চুব্বাৰ নাতিয়েক তিলক চুব্বাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

উল্লেখ্য যে, ১৯০৮ চনৰ ১০ চেপ্টেম্বৰৰ দিনাখন অবিভক্ত শোণিতপুৰ জিলা (বৰ্তমান বিশ্বনাথ জিলা) ৰ গহপুৰৰ গজপুৰে চাপৰি নিবাসী মন বাহাদুৰ চুব্বা আৰু ধনৰাণী দেবীৰ পৰিয়ালত জন্মগ্ৰহণ কৰা স্বাধীনতা সংগ্ৰামী প্ৰয়াত প্ৰসাদ সিং চুব্বাৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা শোণিতপুৰ জিলা সমিতিয়ে ২০২০ বৰ্ষৰ পৰা প্ৰতিবছৰে সমাজৰ এগৰাকী বিশিষ্ট ব্যক্তিক প্ৰদান কৰি আহিছে এই 'প্ৰসাদ সিং চুব্বা স্মৃতি সেৱা সন্মান'।

Post a Comment

Previous Post Next Post