বাক্সা, ০৩ আগষ্ট: বাক্সাৰ মুছলপুৰৰ বাথৌফুৰিস্থিত আৱৰ্ত ভৱনত আজি বাক্সা জিলা গোৰ্খা ছাত্র সন্থাৰ সভাপতি ৰাজু সুবেদীৰ নেতৃত্বত যোৱা এটা সজাতি দলে অসম চৰকাৰৰ হস্ততাঁত বস্ত্ৰ শিল্প আৰু ভূমি সংৰক্ষণ মন্ত্রী ইউ জি ব্ৰহ্মক সাক্ষাৎ কৰি খুকুৰি, গোৰ্খা খাদা আৰু এখন সম্বৰ্দ্ধনা পত্র প্ৰদান কৰি সম্বৰ্দ্ধনা জনায়। ইয়াৰ লগতে বাক্সা জিলাৰ সদৰ মুছলপুৰত গোৰ্খা কমিউনিটি হ'ল আৰু হোষ্টেল নিৰ্মাণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা, সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা জিলাখনৰ ১০ গৰাকী আৰ্থিক ভাৱে দূৰ্বল গোৰ্খা ছাত্ৰ-ছাত্ৰীক সাহায্য প্ৰদান কৰা, বিটিআৰত গঠন হ'বলগীয়া গোৰ্খা উন্নয়ন বোর্ডৰ বাক্সা জিলাৰ পৰা অধ্যক্ষ নিযুক্তি কৰা ইয়াৰ উপৰিও CSB, OBC বোৰ্ড আদিত বাক্সাৰ পৰা সদস্য নিযুক্তি দিয়া আৰু এন আৰ চিত লোৱা বায়'মেট্রিকৰ বাবে আধাৰ কাৰ্ড বনোৱাৰ ক্ষেত্ৰত দেখা দিয়া সমস্যা সমাধানৰ বাবে পদক্ষেপ গ্ৰহন কৰাৰ লগতে আৰু কেইকেইবাটাও দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰে।
Post a Comment