নিউজ ডেক্স, ০৪ আগষ্ট: টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰি ইতিহাস ৰচিলে অসম কন্যা লাভলীনা বৰগোহাঁইয়ে। তুৰ্কীৰ বিশ্ব চেম্পিয়ন বুচেনাজ চুৰমেনেলিৰ বিৰুদ্ধে ৬৯ কেজি শাখাত ছেমি ফাইনেলত দুৰ্দান্ত খেল খেলি পৰাজয়ৰ সন্মূখীন হয় যদিও অসম কন্যা লাভলীনা বৰগোহাঁই অলিম্পিকৰ ইতিহাসত পদক লাভ কৰা তৃতীয়গৰাকী ভাৰতীয় বক্সাৰ হিচাপে পৰিগণিত হয়।
খেলখনৰ প্ৰথম ৰাউণ্ডত পৰাজয় হোৱাৰ পিছত দ্বিতীয় ৰাউণ্ডত লাভলীনা অধিক আক্ৰমণাত্মক হৈ পৰিছিল যদিও তুৰ্কীৰ বক্সাৰে সঠিক পাঞ্চেৰে নিজৰ হাতত মেচখন আনিবলৈ সক্ষম হয়।
ইফালে ১২৫ বছৰীয়া অলিম্পিকৰ ইতিহাসত অসমলৈ পদক কঢ়িয়াই অনা প্ৰথমগৰাকী খেলুৱৈ ৰূপে পৰিগণিত হয় লাভলীনা বৰগোহাঁই। লাভলীনাই ব্ৰঞ্জৰ মেডেল লাভ কৰিলেও সমগ্ৰ দেশকে পদক লাভ কৰি গৌৰৱান্বিত কৰি তোলে।
জানিবলৈ পৰা মতে, অহা ৯ আগষ্টৰ দিনাখন গুৱাহাটীত আহি উপস্থিত হ'ব অসমৰ সফল খেলুৱৈ লাভলীনা বৰগোঁহাই। টকিঅ’ৰ পৰা নতুন দিল্লী আৰু তাৰ পিছতে লাভলীনা বৰঝাৰ বিমান বন্দৰত আহি উপস্থিত হ'ব।
অসমত উপস্থিত হোৱাৰ সময়ত অসমৰ জীয়ৰী লাভলীনাক ৰেড কাৰ্পেট পাৰি আদৰণি জনাব ৰাজ্য চৰকাৰে। ইফালে লাভলীনা বৰগোঁহাইক স্বগৃহতো ৰাজ্যিক সন্মানৰ মৰ্যাদাৰে চৰকাৰে আদৰণি জনোৱাৰ সিদ্ধান্ত লৈছে। টকিঅ’ অলিম্পিকত অংশ লৈ ব্ৰঞ্জৰ পদক অৰ্জন কৰা লাভলীনাক মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বিপুলভাৱে সম্বৰ্ধনা জনাব ৰাজ্য চৰকাৰে।
অৰ্জুন বঁটা বিজয়ী লাভলীনা বৰগোঁহাইৰ নাম 'ৰাজীৱ গান্ধী খেলৰত্ন বঁটা'ৰ বাবে প্ৰেৰণ কৰিব ৰাজ্য চৰকাৰে। লাভলীনাক চৰকাৰে অসমৰ ক্ৰীড়া নীতি অনুযায়ী ৫০ লাখ টকা আৰু APS/ACS পৰ্যায়ৰ চাকৰি প্ৰদান কৰিব।
Post a Comment