গুৱাহাটী, ০৪ আগষ্ট: বুধবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত চৰকাৰৰ সাপ্তাহিক কেবিনেটৰ বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আজিৰ কেবিনেট বৈঠকে ৰাজ্যৰ গোৰ্খা নাগৰিকসকলকো দিয়ে বিশেষ সকাহ।
কেবিনেটৰ সিদ্ধান্ত অনুসৰি, ৰাজ্যৰ গোৰ্খা নাগৰিকৰ ওপৰত বিদেশী সংক্ৰান্তীয় গোচৰ নচলিব। এতিয়াৰে পৰা গোৰ্খা জনগোষ্ঠীৰ ওপৰত চিনাক্তকৰণ, বহিষ্কাৰকৰণৰ প্ৰক্ৰিয়া নচলে। গোৰ্খাসকলৰ বিৰুদ্ধে বিদেশী ন্যায়াধীশিকৰণত চলি থকা ডি-ভোটাৰৰ গোচৰসমূহো প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্যিক কেবিনেটে।
ইফালে, ড° হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ কেবিনেট বৈঠকৰ সিদ্ধান্তৰ পিছতে ৰাজ্যৰ গোৰ্খা নেতা আৰু বিভিন্ন দল-সংগঠন প্ৰতিক্ৰিয়া ব্যক্ত কৰে। ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তক লৈ উৎফুল্লিত হৈ পৰে ৰাজ্যৰ গোৰ্খাসকলৰ লগতে বিভিন্ন দল-সংগঠন। অতীতৰে পৰা অসমত বসবাস কৰি অহা গোৰ্খা জনগোষ্ঠীক লৈ ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন অসম চৰকাৰে গ্ৰহণ কৰা ঐতিহাসিক সিদ্ধান্তৰ বাবে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি অৰ্জুন ছেত্ৰী, গোৰ্খা উন্নয়ন পৰিষদ, অসমৰ অধ্যক্ষ প্ৰেম তামাং, সদস্য সঞ্জীৱ ছেত্ৰী , অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ অশোক ভট্টৰাই, বিধায়ক গণেশ কুমাৰ লিম্বু, ৰিতুবৰণ শৰ্মা আৰু বিটিচি ক্ষেত্ৰীয় সমিতিৰ সভাপতি জন চৌহান, সাধাৰণ সম্পাদক হেমন্ত শৰ্মাৰ লগতে বিভিন্ন গোৰ্খা দল সংগঠনে ৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে।
Post a Comment