Kaanchi Multimedia

Weddings • Albums • Modeling • Birthdays

বিটিআৰৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীক সাক্ষাৎ গোৰ্খা ছাত্ৰ সন্থাৰ; স্মাৰক পত্ৰ প্ৰদান

চিৰাং, ০১ আগষ্ট: সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, বিটিচি ক্ষেত্ৰীয় সমিতিৰ নেতৃত্বত কোকৰাঝাৰ আৰু চিৰাং জিলা সমিতিৰ সহযোগত সংগঠনটোৰ এটি সঁজাতি দলে শনিবাৰে বিটিআৰৰ বন বিভাগৰ কাৰ্যবাহী সদস্য  ৰঞ্জিত বসুমতাৰীক সাক্ষাৎ কৰে। সঁজাতি দলটোৱে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান নিৰ্মাণ কাৰ্যই অতীতৰ পৰা পশু পালনৰ বাবে গোৰ্খাসকলে স্থাপন কৰি অহা গাইখুটিৰ ওপৰত বিশেষ সমস্যা সৃষ্টি হ'ব পৰা সম্ভাৱনা বিষয়ে অৱগত কৰে কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীক। অসমত বসবাস কৰা গোৰ্খা জনগোষ্ঠীৰ বিভিন্ন সমস্যাৰ বিষয়ে বিস্তৃত ভাবে আলোচনা কৰি অতি শীঘ্ৰে সকলো সমস্যাসমূহ সমাধানৰ বাবে দাবী উত্থাপন কৰি প্ৰদান কৰে এখন স্মাৰক পত্ৰ। উক্ত সাক্ষাৎকাৰত গোৰ্খা ছাত্ৰ সন্থা বিটিচি ক্ষেত্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি ফূৰ্বা লামা, সাধাৰণ সম্পাদক হেমন্ত শৰ্মা, সাংগঠনিক সম্পাদক প্ৰকাশ ‌ছেত্ৰী, কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি শুভাষ পোখ্ৰেল, সম্পাদক সুৰজ গিৰী, উপ-সভাপতি অৰ্জুন চেত্ৰী, সাংগঠনিক সম্পাদক অমৃত খড়্কাৰ, চিৰাং ‌জিলা সমিতি সাধাৰণ সম্পাদক নাৰায়ণ উপাধ্যায়, সহ-সম্পাদক ৰঞ্জন ভণ্ডাৰী আৰু শিক্ষা সম্পাদক নিচ্ছল গিৰী উপস্থিত থাকে।

Post a Comment

Previous Post Next Post