Kaanchi Multimedia

Weddings • Albums • Modeling • Birthdays

নাগ্ৰিজুলী আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ সপ্তম দ্বি-বাৰ্ষিক অধিবেশন সম্পন্ন

বাক্সা,০২ আগষ্ট: সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু), বাক্সা জিলা সমিতিৰ অন্তৰ্গত নাগ্ৰিজুলী আঞ্চলিক সমিতিৰ দেওবাৰে সপ্তম দ্বি-বাৰ্ষিক অধিবেশন সম্পন্ন হয়। পূৱ গুৱাবাৰী প্ৰাথমিক বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত সপ্তম দ্বি-বাৰ্ষিক অধিবেশন ও প্ৰতিনিধি সভাত নাগ্ৰিজুলী আঞ্চলিক সমিতিখন পুনৰ্গঠন হয়। জানিবলৈ দিয়া মতে, মোহন ভট্টৰাইক সভাপতি আৰু সুমন ৰায়াক সাধাৰণ সম্পাদক হিচাপে লৈ নাগ্ৰিজুলী আঞ্চলিক সমিতিখন নতুনকৈ গঠন কৰা হয়। প্ৰতিনিধি সভাত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা বাক্সা জিলা সমিতিৰ সভাপতি ৰাজু সুবেদী, সাধাৰণ সম্পাদক মাধৱ ছেত্ৰী, সহ সম্পাদক এমকান্ত পৌড়েল, সাংগঠনিক সম্পাদকদ্বয় কমল তামাঙ আৰু প্ৰতাপ মগৰ, সাংস্কৃতিক সম্পাদক ৰাম নিৰৌলা, প্ৰচাৰ সম্পাদক নন্দ বুঢ়াথোকী, কাৰ্যালয় সম্পাদক মিত্ৰ ভণ্ডাৰী আৰু আলোচনী সম্পাদক ৰাজু লমছালৰ লগতে সদ্য বিদায়ী সভাপতি দীপক চামলাগাঁই, সাধাৰণ সম্পাদক ৰাজেন অধিকাৰীকে আদি কৰি সংগঠনটোৰ কেইবাজনো প্ৰাক্তন কৰ্মীৰ লগতে অসম গোৰ্খা সন্মিলনৰ বিষয়ববীয়াসকলো উপস্থিত থাকে।

Post a Comment

Previous Post Next Post