Kaanchi Multimedia

Weddings • Albums • Modeling • Birthdays

ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত নেপালী ভাষাক অন্তৰ্ভুক্ত কৰি স্বীকৃতি প্ৰদান কৰা ৩০ বছৰ

নিউজ ডেক্স, ২০ আগষ্ট: আজি ২০ আগষ্ট। ভাৰতত বসবাস কৰা নেপালী ভাষী গোৰ্খাসকলৰ বাবে এটি ঐতিহাসিক তথা গৌৰৱৰ দিন। দীঘলীয়া সংগ্ৰাম আৰু বহু ত্যাগ-কষ্টৰ বাবদ ১৯৯২ চনৰ ২০ আগষ্ট তাৰিখে অৰ্থাৎ আজিৰ দিনটোতে ভাৰতীয় সংবিধানৰ ৭১ তম্ সংশোধনীৰ জৰিয়তে নেপালী ভাষাক ভাৰতীয় সংবিধানৰ 'অষ্টম অনুসূচী'ত অন্তৰ্ভুক্ত কৰি ভাৰত চৰকাৰে নেপালী ভাষাক স্বীকৃতি প্ৰদান কৰিছিল। গোৰ্খাসকলৰ মাতৃভাষা 'নেপালী'ক 'গোৰ্খা ভাষা', 'খচকুৰা' বুলিও জনা যায়। ভাৰতীয় সংবিধানে নেপালী ভাষাক স্বীকৃতি প্ৰদান কৰা আজিৰ এই ঐতিহাসিক দিনটোক প্ৰতিবছৰে ভাৰতীয় গোৰ্খাসকলে 'ভাষা মান্যতা দিৱস' হিচাপে পালন কৰি আহিছে।

ভাৰতীয় সংবিধানত নেপালী ভাষা অন্তৰ্ভুক্তি সহজ কথা নাছিল। প্ৰায় ৩৬ বছৰ দীঘলীয়া 'ভাষা আন্দোলন' ৰ ফলস্বৰূপে ১৯৯২ চনৰ ২০ আগষ্টত নেপালী ভাষাক ভাৰতৰ সংবিধানৰ অষ্টম অনুসূচীত অৰ্ন্তভূক্ত কৰা হৈছিল। ১৯৫৬ চনত পোন প্ৰথমবাৰৰ বাবে নেপালী ভাষাক সংবিধানত অন্তৰ্ভুক্ত কৰাৰ দাবীত ৰাষ্ট্ৰপতিলৈ পত্ৰ প্ৰেৰণ কৰা হৈছিল। আনন্দ সিং থাপা, নৈনসিং থাপা আৰু বি.এচ ভণ্ডাৰীৰ নেতৃত্বত  দেহৰাদূনৰ 'নেপালী ভাষা সংঘৰ্ষ সমিতি' নামৰ সংস্থাটোয়ে এই আন্দোলন পোন প্ৰথমে আৰম্ভ কৰিছিল।

পৰৱৰ্তী সময়ত ভাৰতৰ বিভিন্ন প্ৰান্তত এই আন্দোলন গা কৰি উঠিছিল আৰু গোৰ্খা সমাজ সচেতক লোকসকলে বিভিন্ন সংস্থা গঠন কৰি নেপালী ভাষাক ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত কৰাৰ বাবে আন্দোলন চলাইছিল। আনন্দ সিংহ থাপা, ৰতন লাল ব্ৰাহ্মণ, তেজ বাহাদুৰ শাহী, প্ৰেম কুমাৰ আলে, আনন্দ পাঠক, ইন্দ্ৰ বাহাদুৰ ৰাই, পাৰশ মণি প্ৰধান, ড° কুমাৰ প্ৰধান, মায়া দেবী চেত্ৰী, শ্বহীদ সুদৰ্শন চেত্ৰী, শ্বহীদ সন্তোষ কাৰ্কী, নৰ বাহাদুৰ ভণ্ডাৰী, দিল কুমাৰী ভণ্ডাৰী, আৰ.বি ৰাইকে ধৰি বহু নেতাই এই ভাষা আন্দোলনক আগশাৰীৰ পৰা নেতৃত্ব দিছিল।

অবশেষত সাংসদ দিলকুমাৰী ভণ্ডাৰী আৰু আৰ. বি. ৰাইৰ নেতৃত্বত নেপালী ভাষাক ভাৰতীয় সংবিধানত অন্তৰ্ভুক্তিৰ দাবীৰ বাবে চলা সক্ৰিয় আন্দোলনৰ পাছত ১৯৯২ চনৰ ২০ আগষ্টৰ দিনাখন ভাৰতৰ সংবিধানৰ অষ্টম অনুসূচীত নেপালী ভাষাক অন্তৰ্ভুক্ত কৰা হৈছিল।

সকলো নেপালী ভাষী গোৰ্খাসকলক নেপালী ভাষা মান্যতা দিৱসৰ শুভেচ্ছা জনালোঁ।

Post a Comment

Previous Post Next Post