শোণিতপুৰ, ১৬ আগষ্ট: অসম আন্দোলনৰ প্ৰথমগৰাকী মহিলা শ্বহীদ বৈজয়ন্তী দেৱীৰ আজি ৪১ সংখ্যক পুণ্য মৃত্যু তিথি। অবিভক্ত শোণিতপুৰ জিলাৰ বুঢ়াচাপৰিত ১৯৫৯ চনৰ ১৯ জুলাই তাৰিখে অমৰ উপাধ্যায় আৰু শান্তি দেৱীৰ পৰিয়ালত বৈজয়ন্তী দেৱীয়ে জন্মগ্ৰহণ কৰিছিল।
বহুমুখী প্ৰতিভাৰ অধিকাৰী বৈজয়ন্তী দেৱীয়ে সৰুৰে পৰা সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰখনৰ লগত জড়িত হৈ বহুতো পুৰস্কাৰ আৰু সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল।
১৯৭৯-৮৫ চনলৈ চলা ঐতিহাসিক অসম আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা বৈজয়ন্তী দেৱীয়ে ৰণশিঙা দিৱসৰ দিনাখন শঙ্খ বাদন কৰি গণ আন্দোলনকাৰীসকলক সক্ৰিয় কৰি তুলিছিল। কিন্তু সেইদিনাখন তেজপুৰৰ জজ্ফিল্ডৰ ওচৰত সমদল কৰি থকা অৱস্থাত শঙ্খ বাদনৰ ফলত বৈজয়ন্তী দেৱীয়ে মস্তিষ্কত গুৰুতৰভাৱে আঘাত পায়। তেওঁক ততাতৈয়াকৈ তেজপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও বৈজয়ন্তী দেৱীৰ মস্তিষ্কৰ আঘাত ইমানেই গুৰুতৰ আছিল যে তেওঁ ১৯৮০ চনৰ ১৬ আগষ্টৰ দিনাখন নিশা ৮:১৫ বজাত মৃত্যুৰ সৈতে যুঁজি অৱশেষত মৃত্যুবৰণ কৰে।
অসম আৰু অসমীয়াৰ হকে প্ৰাণ আহুতি দিয়া এইগৰাকী মহান শ্বহীদৰ ৪১ সংখ্যক পুণ্য মৃত্যু তিথিত আজি তেওঁক বিভিন্ন দল-সংগঠনৰ লগতে অসমৰ গোৰ্খাসকলে শ্ৰদ্ধাৰে সুঁৱৰিছে।
Post a Comment