তিনিচুকীয়া, ৩০ আগষ্ট: অহা ৩ চেপ্তেম্বৰৰ পৰা পাঞ্জাৱৰ অমৃতসৰত অনুষ্ঠিত হ'বলগীয়া হিৰ' ছাব জুনিয়ৰ নেশ্যনেল ফুটবল চেম্পিয়নশ্বিপ ২০২৩-২৪ (Hero Sub-Junior National Football Championship 2023-24) ত অসম ছাব জুনিয়ৰ মহিলা ফুটবল দলৰ হৈ খেলিবলৈ সুযোগ লাভ কৰিছে তিনিচুকীয়াৰ জীয়ৰী মুস্কান দৰ্জীয়ে।
জানিব পৰা মতে, মাৰ্ঘেৰিটা জিলা ক্ৰীড়া সন্থাই প্ৰেৰন কৰা খেলুৱৈ মুচকান দর্জীয়ে ইতিমধ্যে ঘৰুৱা দল অসম ছাব জুনিয়ৰ মহিলা ফুটবল দলত নিজৰ স্থান নিশ্চিত কৰিবলৈ সক্ষম হৈছে।
তিনিচুকীয়া জিলাৰ অন্তৰ্গত মাৰ্ঘেৰিটাৰ জাগুন ৬ মাইলৰ নিবাসী মুষ্কান দৰ্জীয়ে অসমৰ দলত স্থান নিশ্চিত কৰাত বিভিন্ন দল সংগঠনে শুভেচ্ছা জনাইছে।
আনহাতে, বাক্সা জিলা নিবাসী সোনিয়া তামাঙেও অসম ছাব জুনিয়ৰ মহিলা ফুটবল দলৰ হৈ উক্ত খেলত অংশগ্ৰহণৰ সুযোগ লাভ কৰিছে।
অসম ফুটবল এচোছিয়েশ্যনে প্ৰকাশ কৰা খেলুৱৈসকলৰ তালিকা—
Post a Comment