ডিজিটেল ডেক্স,০১ এপ্ৰিল: ভাৰতীয় ৰন্ধন কলাৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব' 'মাষ্টাৰ চেইফ ইণ্ডিয়া চিজন–৭' ৰ বিজয়ী খিতাপ অৰ্জন দুগৰাকী অসমীয়াৰ।
ফলাফল অনুসৰি, জনপ্ৰিয় ৰিয়েলিটী শ্ব' 'মাষ্টাৰ চেইফ ইণ্ডিয়া চিজন–৭' ৰ বিজয়ী খিতাপ দখল কৰে তিনিচুকীয়াৰ নয়মজ্যোতি শইকীয়াই। আনহাতে অনুষ্ঠানটিৰ বিজিত খিতাপ (1ST RUNNER UP) দখল কৰিলে মৰিগাঁৱৰ শান্তা শৰ্মাই।
ইফালে, দুয়োগৰাকী অসম সন্তানে পৰিৱেশন কৰা অসমীয়া আৰু অসমীয়া গোৰ্খাসকলৰ খাদ্য খাই বিচাৰকে প্ৰশংসাত পঞ্চমুখ হৈ পৰিল। অনুষ্ঠানটিত বিচাৰকে মন্তব্য কৰে যে– সমগ্ৰ ভাৰতে অংশগ্ৰহণ কৰা শ্ব'টোৰ অন্তত মাত্ৰ অসম ৰৈ যোৱাটো আশ্বৰ্যৰ কথা। এই খবৰত স্বাভাৱিকতেই এতিয়া গৌৰাম্বিত হৈছে অসমবাসী।
উল্লেখ্য যে, বিগত ২০১০ চনৰ পৰাই চনি টিভি ইণ্ডিয়াই আয়োজন কৰি আহিছে ৰন্ধন কলাৰ জনপ্ৰিয় ৰিয়েলিটী শ্ব' মাষ্টাৰ চেইফ ইণ্ডিয়া। প্ৰতিবছৰৰ দৰে ২০২৩ বৰ্ষত মাষ্টাৰ চেইফ ইণ্ডিয়াৰ চিজন–৭ৰ আয়োজন কৰা হয়। য'ত অসমৰ দুগৰাকীকৈ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰি অৱশেষত বিজয়ী খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়।
বিজয়ী খিতাপ অৰ্জন কৰা নয়নজ্যোতি শইকীয়া আৰু শান্তা শৰ্মাক জনাইছোঁ অভিনন্দন।
Post a Comment