Kaanchi Multimedia

Weddings • Albums • Modeling • Birthdays

আজিৰে পৰা তিনিদিনীয়াকৈ সদৌ অসম মগৰ সংঘৰ দ্বিতীয় ত্ৰি-বাৰ্ষিক অধিবেশন আৰম্ভ

শোণিতপুৰৰ খনামুখৰ চিলনী গাঁৱৰ অগম সিং লায়া মগৰ সমন্বয় ক্ষেত্ৰ প্ৰাঙ্গনত সদৌ অসম মগৰ সংঘৰ দ্বিতীয় ত্ৰি-বাৰ্ষিক অধিবেশনৰ প্ৰথম দিনাৰ কাৰ্যসূচী শুভাৰম্ভ । 

শোণিতপুৰৰ খনামুখৰ চিলনী গাঁৱৰ অগম সিং লায়া মগৰ সমন্বয় ক্ষেত্ৰ প্ৰাঙ্গনত তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে কেন্দ্ৰীয় তথা শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত সদৌ অসম মগৰ সংঘৰ দ্বিতীয় ত্ৰি-বাৰ্ষিক অধিবেশনৰ প্ৰথম দিনা কাৰ্যসূচী শুভাৰম্ভ । আজিৰ পৰা তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হবলগীয়া বিশাল সদৌ অসম মগৰ সংঘৰ দ্বিতীয় ত্ৰি- বাৰ্ষিক অধিবেশনৰ প্ৰথম কাৰ্যসূচী মৰ্মে পুৱাই পতাকা উত্তোলন কৰে সদৌ অসম মগৰ সংঘৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি কৃষ্ণবিক্ৰম ৰাণাই । ইয়াৰ পিছতে অঞ্চলটোৰ শ্বহীদ সকলৰ প্ৰতি সেৱা জনায় শ্বহীদ তৰ্পণ অনুষ্ঠান সম্পন্ন কৰি মূখ্য প্ৰৱেশদ্বাৰ উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত কৰ্ণেল প্ৰসাদ থাপা মগৰে, বৃক্ষ ৰোপন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক মতীৰাম লায়াই । ইয়াৰ পিছতে তেওঁলোকৰ এখন প্ৰতিনিধি সভাৰো আয়োজন কৰে । লগতে উক্ত অনুষ্ঠানত এক ব্যতিক্ৰমী ৰূপত মগৰ সম্প্ৰদায়সকলৰ বিলুপ্ত হৈ যাব ধৰা ভাষা-সংস্কৃতি, ব্যবহাৰ হোৱা সা-সামগ্ৰীৰ লগতে নৃত্য-গীতসমুহ বৰ্তমানৰ উঠি অহা প্ৰজন্মসকলক চিনাকী কৰাবৰ বাবে এক প্ৰদৰ্শনীৰো আয়োজন কৰে।

Post a Comment

Previous Post Next Post