গুৱাহাটী, ১২ ফেব্ৰুৱাৰী: অসমত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ল 'যুৱ সদন–২০২৩'।
জানিব পৰা মতে, শনিবাৰে
ৰাজ্যিক পৰ্য্যায়ৰ পৰামৰ্শদাতা সমিতি, ছাত্ৰ আৰু যুৱ কল্যাণ, অসম চৰকাৰৰ উদ্যোগত অনুষ্ঠিত হয় এই 'যুৱ সদন–২০২৩'।
গুৱাহাটী মহানগৰীৰ খানাপাৰাস্থিত ভিভান্টা হোটেলত অনুষ্ঠিত হোৱা যুৱ সদন–২০২৩ ত ৰাজ্যৰ ২৭ টাকৈ জনগোষ্ঠীয় দল সংগঠনৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ মৃদুল হাজৰিকাৰ অধ্যক্ষতাত সম্পূৰ্ণ সংসদীয় পৰিক্রমাৰ মাজেৰে অনুষ্ঠিত হোৱা যুৱ সদনত লিপিবদ্ধ কৰা হ’ল অসমৰ বিভিন্ন জনগোষ্ঠীৰ সমস্যা আৰু সমাধানৰ দিশসমূহ।
উক্ত যুৱ সদনত সদৌ অসম গোর্খা ছাত্ৰ সন্থাৰ প্ৰতিনিধি হিচাপে কেন্দ্ৰীয় সাধাৰণ সম্পাদক নুমল ছেত্ৰী, কেন্দ্ৰীয় শিক্ষা সম্পাদক টিংকু পৌডেল আৰু বিটিচি ক্ষেত্ৰীয় সমিতিৰ শিক্ষা সম্পাদক প্ৰকাশ কৈৰালা উপস্থিত হয়।
যুৱ সদনত কেন্দ্ৰীয় সাধাৰণ সম্পাদক নুমল ছেত্ৰীয়ে দাঙি ধৰা বক্তব্যত গোর্খা জনগোষ্ঠীৰ শৈক্ষিক, সাংস্কৃতিক আৰু ক্ৰীড়া ক্ষেত্ৰত চৰকাৰৰ কৰণীয় সম্পৰ্কে পৰামৰ্শৱালী সদনৰ অধ্যক্ষৰ জৰিয়তে SLAC ৰ অধ্যক্ষ তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টি আকৰ্ষণ কৰে।
Post a Comment