ওদালগুৰি, ২০ জানুৱাৰী: দেশৰ ৭৪ সংখ্যক গণৰাজ্য দিৱসলৈ মাজত মাথোঁ কেইটিমান দিন বাকী। সমগ্ৰ দেশৰ লগতে ৰাজধানী চহৰ নতুন দিল্লীতো চলিছে গণৰাজ্য দিৱস উৎযাপনক লৈ ব্যাপক প্ৰস্তুতি।
এইবেলি নতুন দিল্লীত অনুষ্ঠিত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণৰ সুযোগ লাভ কৰিছে অসমৰ এগৰাকী জীয়ৰীয়ে।
জানিব পৰা মতে, নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া গণতন্ত্ৰ দিৱসৰ মূল পেৰেডত অংশ ল'ব ওদালগুৰি জিলাৰ অন্তৰ্গত ধনশ্ৰীঘাট নিবাসী মন বাহাদুৰ বস্নেতৰ সুযোগ্য সন্তান মেনুকা বস্নেতে।
বৰ্তমান চাকৰিসূত্ৰে চি.আৰ.পি.এফত কৰ্মৰত মেনুকা বস্নেত যোৱা কেইবাদিনো ধৰি নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া গণৰাজ্য দিৱসৰ পেৰেডত অনুশীলনত ব্যস্ত হৈ আছে।
ইফালে, মেনুকা বস্নেতে নতুন দিল্লীৰ পেৰেডত অংশগ্ৰহণৰ সুযোগ লাভ কৰাৰ খৱৰ বিয়পি পৰাৰ লগেলগে ধনশ্ৰীঘাট অঞ্চলবাসী উৎফুল্লিত হৈ পৰিছে।
সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, ওদালগুৰি জিলা সমিতিৰ সভাপতি ৰাম ছেত্ৰীয়েও জনাইছে শুভেচ্ছা।
Post a Comment