তামুলপুৰ, ৩ নবেম্বৰ: ৰাজ্যৰ বিভিন্ন প্ৰান্তত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে হাতী-মানুহৰ সংঘাত। সমান্তৰালভাৱে তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলসমূহতো অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ। ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলসমূহত সন্ধিয়া হ'লেই খাদ্যৰ সন্ধানত বন্যহস্তীৰ জাকে প্ৰবেশ কৰি অঞ্চলবাসী ৰাইজৰ ঘৰ-বাৰী ভাঙি লণ্ড-ভণ্ড কৰাৰ উপৰিও কৃষকৰ বিঘাই বিঘাই ধান খেতিৰ লগতে অন্যান্য ফচলসমূহ খাই নষ্ট কৰিছে। যাৰ ফলত প্ৰতিটো নিশাই আতংক বিভিষীকাত বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে ভূটান সীমান্তৰ বাসিন্দাই।
ভূটান সীমান্তৰ বৰনদী অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ প্ৰৱেশ কৰা এটা বৃহৎ বন্যহস্তীৰ জাকে মংগলবাৰে নিশা অঞ্চলটোৰ গোৰেশ্বৰৰ পশ্চিম উপৰখুটি গৌতম বস্তীত কেইবাটাও পৰিয়ালৰ খেতিপথাৰৰ বিস্তৰ ক্ষতি সাধন কৰে। জানিব পৰা মতে, মংগলবাৰে নিশা প্ৰায় ৮ মান বজাৰ পৰা নিশা ২ বজালৈ বন্যহস্তীৰ এটা বৃহৎ জাকে পশ্চিম উপৰখুটিত প্ৰৱেশ কৰি চিন্তামণি গৌতম, নাৰায়ণ গৌতম, ভীম গৌতম, বলৰাম গৌতম, লোকনাথ লুইটেল, বিষ্ণু লুইটেল, শ্যাম লুইটেল আৰু তাৰা প্ৰধানৰ কৃষি ভূমি নষ্ট কৰাৰ উপৰিও তামোলৰ গছ ভাঙি তহিলং কৰাৰ লগতে ভঁৰাল ঘৰ ভাঙি ভঁৰালৰ ধান খাই।
ইফালে, আতংকিত গঞা ৰাইজে বন বিভাগক খবৰ দিয়াত বন বিভাগৰ লোক উপস্থিত হৈ হাতীৰ জাকটোক খেদি পঠিয়াবলৈ সক্ষম হয়।
Post a Comment