গুৱাহাটী, ২১ চেপ্তেম্বৰ: গুৱাহাটী মহানগৰীৰ পানবজাৰস্থিত হোটেল প্ৰাগ কন্টিনেলটেলৰ সভাগৃহত আজি অসম সাহিত্য সভা, বড়ো সাহিত্য সভা, সদৌ অসম ছাত্ৰ সন্থা–আছু আৰু নিখিল বড়ো ছাত্ৰ সন্থা– এবছুৰ যৌথ আহ্বানত অসমৰ ৩০ জনগোষ্ঠীয় সংগঠনৰ সৈতে এক আলোচনা সভা অনুষ্ঠিত হয়।
জানিব পৰা মতে, উক্ত সভাত অসম চৰকাৰে অসমীয়া মাধ্যম, বড়ো মাধ্যম আৰু মাতৃভাষা মাধ্যমৰ বিদ্যালয়ত তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ গণিত আৰু বিজ্ঞান বিষয়টো ইংৰাজী মাধ্যমত পাঠদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰি অসমৰ প্ৰতিখন জিলাত পাঁচখনৰ পৰা দহখন বিদ্যালয়ত অসমীয়া মাধ্যম, বড়ো মাধ্যম আৰু মাতৃভাষা মাধ্যমৰ বিদ্যালয়ত সমান্তৰালভাৱে ইংৰাজী মাধ্যমৰ প্ৰৱৰ্তন কৰিব বিচৰা সিদ্ধান্ত সন্দৰ্ভত বিষদভাৱে আলোচনা কৰা হয়।
মাধ্যম বিতৰ্ক সন্দৰ্ভত সকলো দল সংগঠনৰ মতামতৰ বাবে আয়োজন কৰা আলোচনা সভাত অসমৰ অন্যান্য জনগোষ্ঠীয় সংগঠনসমূহৰ লগতে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাও উপস্থিত থাকে। সভাত গোৰ্খা ছাত্ৰ সন্থাৰ হৈ উপস্থিত থাকে সভাপতি অৰ্জুন ছেত্ৰী আৰু সাধাৰণ সম্পাদক নোমল ছেত্ৰী।
Post a Comment