গুৱাহাটী,১৩ আগষ্ট: দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসলৈ মাজত মাথোঁ এটি দিন বাকী। সমগ্ৰ দেশ তথা ৰাজ্যত ৭৫ সংখ্যক স্বাধীনতা দিৱস তথা 'আজাদি কা অমৃত মহোৎসৱ'ৰ লগতে সংগতি ৰাখি পালন কৰা হৈছে বিভিন্ন কাৰ্যসূচী।
আজাদি কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, গুৱাহাটী বিশ্ববিদ্যালয় গোটেও গ্ৰহণ কৰে এক বিশেষ কাৰ্যসূচী।
সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, গুৱাহাটী বিশ্ববিদ্যালয় গোটৰ এটি সঁজাতি দলে স্বাধীনতা দিৱসৰ প্ৰাক্ ক্ষণত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য, পঞ্জীয়ক, বিশ্ববিদ্যালয়ৰ শ্ৰেণী সচিব তথা পৰীক্ষা নিয়ন্ত্ৰকক সাক্ষাৎ কৰি স্বাধীনতা দিৱস উপলক্ষে একোখনকৈ ৰাষ্ট্ৰীয় পতাকাৰ লগত গোটৰ বাৰ্ষিক আলোচনী 'লোহিত পুত্ৰ' প্ৰদান কৰি ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাই।
উক্ত সঁজাতি দলত গোৰ্খা ছাত্ৰ সন্থা, গুৱাহাটী বিশ্ববিদ্যালয় গোটৰ উপদেষ্টা তৃশংকৰ শৰ্মা, সভাপতি প্ৰকাশ কট্টেল, সাধাৰণ সম্পাদক সাগৰ চম্লাগাইঁৰ লগতে গোটৰ সদস্য-সদস্যাসকল উপস্থিত থাকে।
Post a Comment