ৰঙালীৰ ষষ্ঠ সংস্কৰণ ৮ ৰ পৰা ১০ এপ্ৰিললৈ
এইবাৰ ৰঙালীৰ বিশেষ আকৰ্ষণ 'ভকেল ফ'ৰ লকেল'
উদ্বোধক মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা
ৰঙালী অসমৰ বাৰে ৰহণীয়া সংস্কৃতিৰ প্ৰসাৰ, সৃষ্টিশীলতা আৰু থলুৱা বজাৰ সৃষ্টিৰ এক প্ৰয়াস
গুৱাহাটী, ৭ এপ্ৰিল, ২০২২: ক'ভিড মহামাৰীৰ বিশ্বজোৰা প্ৰভাৱৰ অন্তত দুবছৰ ব্যৱধানত অসমৰ অন্যতম বৃহৎ উৎসৱ ৰঙালী পুনৰ অনুষ্ঠিত হ'ব। তিনিদিনীয়া অনুষ্ঠানটো ৮ এপ্ৰিলৰ পৰা গুৱাহাটী খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আৰম্ভ হ'ব আৰু ইয়াৰ শুভাৰম্ভ কৰিব অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। উৎসৱৰ ষষ্ঠ সংস্কৰণটোৱে ভকেল ফ'ৰ লকেল ধাৰণাটোৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে আৰু সেই প্ৰেক্ষাপটত এখন প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে য'ত প্ৰায় ২০০ জন উদ্যোগী, আত্ম-সহায়ক গোট, ষ্টাৰ্ট-আপ, কৃষি-উদ্যোগী, শিপিনী, শিল্পী, কৃষক, উৎপাদনকাৰী কোম্পানী, চৰকাৰী সংস্থা আৰু ঔদ্যোগিক সংগঠনৰ বিভিন্ন ব্যক্তিসকল উপস্থিত থাকিব।
ৰঙালীৰ মুখ্য আকৰ্ষণ হ'ব অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা অনুপ্ৰাণিত ভকেল ফ'ৰ লকেল প্ৰদৰ্শনী। ৰঙালীয়ে অসমত তৈয়াৰ কৰা সামগ্ৰী যেনে গাহৰী ব্ৰেণ্ডৰ মাংস, বাহুবলী কণী, ৰিপ'জ, কন্যাকা আৰু গৰুখুঁটি, ষ্টাৰ্ট আপ উদ্যোগীসকলৰ প্ৰচুৰ সামগ্ৰীৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰিব। ইয়াৰ লগতে থাকিব সমগ্ৰ অসমৰ শিপিনী আৰু শিল্পীসকলে প্ৰদৰ্শন কৰা আকৰ্ষণীয় অসম হস্ততাঁত সামগ্ৰীৰ লগতে বিভিন্ন ধৰণৰ কাৰুশিল্প আৰু এ পি এ আৰ টি (APART)ৰ দ্বাৰা কৃষি আৰু আনুষঙ্গিক সামগ্ৰীৰ বৃহৎ প্ৰদৰ্শনী।
খাদ্য হৈছে ৰঙালীৰ এক মুখ্য উপাদান। খাদ্যই পৰ্যটকসকলক আকৰ্ষিত কৰে। অসমৰ বাৰে ৰহণীয়া খাদ্যসম্ভাৰে পৰ্যটনত অৰিহণা যোগোৱাৰ সম্ভাৱনা প্ৰচুৰ। ৰঙালীত সমগ্ৰ ভাৰতৰ বিভিন্ন ৰন্ধন প্ৰণালীৰ লগতে অসমৰ বিভিন্ন জনজাতি আৰু সম্প্ৰদায়ৰ জাতিগত, স্থানীয় খাদ্য যেনে বড়ো, মিচিং, কাৰ্বি, তিৱা, ডিমাচা খাদ্য প্ৰদৰ্শন কৰা হ'ব। খাদ্য প্ৰদৰ্শনীখন খাদ্য ব্লগাৰ ড° গীতা দত্তই প্ৰস্তুত কৰিব, য'ত অসমৰ বিভিন্ন জনজাতি আৰু সম্প্ৰদায়ৰ অজস্ৰ ব্যঞ্জন উপস্থাপন কৰা হ'ব। প্ৰিয় বন্ধু নামৰ বেচৰকাৰী সংস্থাটোয়ে সমগ্ৰ অসমৰ বৃহৎ সংখ্যক প্ৰতিযোগীৰ অংশগ্ৰহণৰ সৈতে থলুৱা খাদ্য, নিৰামিষ, আমিষ আৰু মিঠা ব্যঞ্জনৰ এক খাদ্য প্ৰতিযোগিতা অনুষ্ঠিত কৰিব।
ৰঙালীৰ প্ৰসংগত মুখ্য সংগঠক শ্ৰী শ্যামকানু মহন্তই কয় "আমি ২০১৫ চনত ৰঙালী আৰম্ভ কৰিছিলো। যাৰ উদ্দেশ্য আছিল অসমৰ জাতিগত বৈচিত্ৰতা প্ৰদৰ্শন কৰা। ৰঙালীয়ে আকৰ্ষণীয় সংগীত, নৃত্য, হস্তশিল্প, কাৰুশিল্পৰ লগতে ৰাজ্যখনৰ খাদ্য সংস্কৃতি প্ৰচাৰত গুৰুত্ব দি আহিছে। বিগত বছৰবোৰত বিভিন্ন সম্প্ৰদায়ৰ মিলনভূমিৰে ৰঙালী অসমৰ বাৰে ৰহণীয়া উৎসৱৰ মঞ্চত পৰিণত হৈছে। ৰঙালী উদীয়মান শিল্পী, উদ্যোগীসকলৰ এক উমৈহতীয়া মঞ্চ আৰু এই মঞ্চই পৰ্য্যটকৰ পৰাও যথেষ্ট মনোযোগ লাভ কৰিছে। ৰঙালী ২০২২ য়ে সামগ্ৰিকভাৱে অসমৰ বিভিন্ন দিশক একেখন মঞ্চৰ তললৈ আনিব বিচাৰিছে। ৰঙালীত বড়ো, মিচিং, ডিমাচা, ৰাভা, গোৰ্খা, চাহ জনজাতি, মৰাণ, কাৰ্বি আদি বিভিন্ন সম্প্ৰদায়ে তেওঁলোকৰ বাৰে ৰহণীয়া সংস্কৃতি প্ৰদৰ্শন কৰিব। ৰঙালীত প্ৰদৰ্শন কৰিবলৈ বিভিন্ন অঞ্চলৰ পৰা বৃহৎ সংখ্যক সংগীত বেণ্ড, ডিজাইনাৰ, শিল্পীসকল আহিব। 'লকেল ফ'ৰ ভকেল' প্ৰদৰ্শনীৰ জৰিয়তে চাহ জনজাতি সম্প্ৰদায়ৰ বিশেষ প্ৰদৰ্শনী এক মুখ্য আকৰ্ষণ হ'ব। যি সকল শিল্পীৰ জীৱিকা ক'ভিড মহামাৰীৰ সময়ত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল আমি তেনে উদ্যোগীসকলৰ বাবে এক বজাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছো। প্ৰতিবাৰেই ৰঙালীত ভিন্ন-ৰন্ধন প্ৰণালীৰ খাদ্য প্ৰদৰ্শনী এক মুখ্য আকৰ্ষণ হৈ আহিছে। এইবাৰ থলুৱা অসমীয়া খাদ্যৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া হৈছে। ইয়াৰ উপৰিও ৰঙালীত অসম আৰু ভাৰতীয় খাদ্যৰ আকৰ্ষণীয় থলীৰ ব্যৱস্থা কৰা হৈছে। বসন্তকালত অসম নাচনী-ঢোলৰ মাতেৰে ৰজনজনাই থাকে সেয়ে ৰঙালীয়ে বিশেষভাৱে বিহু হুঁচৰি আৰু বিহুৱতী প্ৰতিযোগিতাৰ আয়োজন কৰিছে। সমগ্ৰ অসমৰ শ্ৰেষ্ঠ বিহু হুঁচৰী দলবোৰে ইয়াত অংশ ল'ব। বিহুৱতী প্ৰতিযোগিতাত এক লাখৰ প্ৰথম পুৰস্কাৰৰ সৈতে বিভিন্ন আকৰ্ষণীয় পুৰস্কাৰ ধাৰ্য কৰা আছে। ৰঙালীৰ বাকৰিত সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ অসমীয়া মহাপুৰুষ শংকৰদেৱৰ সৃষ্ট ৫০০ বছৰ পুৰণি ৰাম বিজয়, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ আদি অংকীয়া ভাওনাৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব। ৰঙালীয়ে সদায়েই সৃজনশীলতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে। বিগত বছৰবোৰত ৰঙালীয়ে নতুন প্ৰতিভাক এখন মঞ্চ প্ৰদান কৰিছে। শান্তনু হাজৰিকা আৰু তেওঁৰ দৰে সম্ভাৱনাপূৰ্ণ শিল্পী সৃষ্টি কৰিছে। প্ৰায় ৫০ জন শিল্পীয়ে এইবাৰ ৰঙালীত তেওঁলোকৰ শিল্পকৰ্ম প্ৰদৰ্শন কৰিব।
অসমৰ সম্ভাৱনাময় যুৱচামক এখন মঞ্চ দিবলৈ ৰঙালীয়ে হিপ হপ, অপেন মাইক আদি অনুষ্ঠানৰ আয়োজন কৰিছে। এই মঞ্চত সংগীত, কবিতা, নৃত্যকে ধৰি অন্যান্য কাৰ্যকলাপ প্ৰদৰ্শন হ'ব। শিল্পীসকলে লোক সংগীত, স্বতন্ত্ৰ সংগীত আদিও উপস্থাপন কৰিব। ভাষা যিয়েই নহওক সংগীতে মানুহক একেডাল সূতাৰে বান্ধি ৰাখে। 'ৰঙালী গুড ভাইবছ মিউজিক ষ্টেজ'ত নবীন-প্ৰবীণ বিভিন্ন শিল্পীয়ে প্ৰদৰ্শন কৰিব যাৰ ভিতৰত আছে সন্নিধ্যা ভূঞা, ভাস্কৰ অপছৱেল, দীপাক্ষী কলিতা, প্ৰবীণ বৰা, দীপ্তানিল বৰুৱা, ভগ্নীদ্বয় অপৰূপা-শতৰূপা আৰু জুবিন গাৰ্গ, বিপুল ছেত্ৰী, ৰঘু দিক্ষীত আৰু বিভিন্নজন। ৰঙালীয়ে অসম চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ সহযোগত হিয়া দিয়া নিয়া, মিছন চাইনা, ৰত্নাকৰ আদি ব্লকবাষ্টাৰ চিনেমাৰ বিশেষ প্ৰদৰ্শনৰ আয়োজন কৰিছে। ৮ তাৰিখে সন্ধিয়া জুবিন গাৰ্গৰ অনুষ্ঠান পৰিৱেশনৰ পূৰ্বে এ এম টেলিভিছনৰ দ্বাৰা প্ৰযোজিত ড° বেজবৰুৱা ছবিৰ সংগীত আৰু পোষ্টাৰ মুকলি কৰা হ'ব।
হস্ততাঁত অসমৰ এক বৃহৎ শক্তি আৰু সম্পদ। ৰঙালীৰ মঞ্চত শ্ৰেষ্ঠ ডিজাইনাৰ, মডেল আৰু শ্ব' ষ্টপাৰসকলৰ দ্বাৰা প্ৰদৰ্শিত পোছাকে অঞ্চলটোৰ সমৃদ্ধ হস্ততাঁত আৰু কাপোৰ প্ৰদৰ্শন কৰিব। এইবাৰ ৰঙালীৰ অন্যতম মুখ্য আকৰ্ষণ হৈছে বলীউডৰ তাৰকা আৰু সংগীতজ্ঞ শ্ৰুতি হাছান, যি অসম সন্তান শান্তনু হাজৰিকাৰ দৰে প্ৰতিভাশালী শিল্পীৰ সৈতে ৰঙালীত উপস্থিত থাকিব। যথেষ্ট সংখ্যক পৰ্যটক, ট্যুৰ অপাৰেটৰসকলে ৰঙালী ভ্ৰমণ কৰিব বুলি আশা কৰা হৈছে। ৰঙালীৰ মঞ্চত বহুকেইজন যুৱ উদ্যোগীক সম্বৰ্ধনা জনোৱা হ'ব। আনহাতে ৰঙালীৰ ৰেম্পত বহুতো বিখ্যাত ব্যক্তিত্বই খোজ দিব।
অসমৰ অন্যতম বৃহৎ উৎসৱ ৰঙালীৰ অনুষ্ঠানৰ সময় পুৱা ১১ বজাৰ পৰা ৰাতি ১০ বজালৈ। প্ৰৱেশ বিনামূলীয়া।
Post a Comment