বাক্সা, ১৭ ফেব্ৰুৱাৰী: গোৰ্খা জনগোষ্ঠীৰ অন্যতম উপজাতি হ'ল বিশ্বকৰ্মাসকল। এই বিশ্বকৰ্মা সমাজৰ সামাজিক, শৈক্ষিক, সাংস্কৃতিক আদি বিভিন্ন দিশত কাম কৰা সংগঠন হৈছে বিশ্বকৰ্মা সম্প্ৰদায় সঞ্চালন সমিতি।
বুধবাৰে এই বিশ্বকৰ্মা সম্প্ৰদায় সঞ্চালন সমিতি, বাস্কা আঞ্চলিক সমিতিৰ নৱম সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশনৰ লগতে ১৮ তম্ প্রতিষ্ঠা দিৱস পালন কৰা হয়। বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ নিকাছী শান্তিপুৰস্থিত শান্তিপুৰ প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা এই অনুষ্ঠানৰ ৰাতিপুৱা পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ হয়। পতাকা উত্তোলন কৰে বাস্কা আঞ্চলিক বিশ্বকৰ্মা সম্প্ৰদায় সঞ্চালন সমিতিৰ উপদেষ্টা শান্তি বৰাইলীয়ে। ইয়াৰ পাছতে শ্বহীদ তৰ্পন কাৰ্যসূচী অনুষ্ঠিত হয়। শ্বহীদ তৰ্পন কৰে সম্পাদক কৃষ্ণ বিশ্বকৰ্মাই। ইয়াৰ পিছতে অনুষ্ঠিত প্ৰতিনিধি সভা মুকলি কৰে প্ৰেম গজমেৰে। গোপাল প্ৰোতেলৰ সভাপতিত্বত অনুষ্ঠিত প্ৰতিনিধি সভাখনৰ অন্তত আগন্তুক দুটি কাৰ্যকালৰ বাবে তুলসী গজমেৰক সভাপতি আৰু ভূৱন সোনাৰক সম্পাদক হিচাপে লৈ ১৭ জনীয়া নতুন সমিতি গঠন কৰা হয়।
ইয়াৰ পাছতে অনুষ্ঠিত হয় মুকলি সভা। বাস্কা আঞ্চলিক বিশ্বকৰ্মা সঞ্চালন সমিতিৰ সভাপতি গোপাল প্ৰোতেলৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত আদৰণি ভাষণ আগবঢ়াই ৰাম বিশ্বকৰ্মাই। য়েচ বাহাদুৰ গদালে মূখ্য অতিথি ৰূপে উপস্থিত থকা সভাত শেষৰ বৰাইলী, শান্তি বৰাইলী, গংগা গদাইলীৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অঞ্চলটোৰ প্ৰায় ২ শতাধিক লোক উপস্থিত থকা সভাত যুৱতীসকলে প্ৰদৰ্শন কৰে গোৰ্খা নৃত্য।
Post a Comment