ওদালগুৰি,৩০ নবেম্বৰ: ওদালগুৰি জিলাৰ মাজবাটৰ যুৱ নেতা কিশোৰ শৰ্মাক ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা মংগলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াৰ ন'মিনি হিচাপে দায়িত্ব প্ৰদান কৰা হৈছে।
ভাৰতীয় জনতা পাৰ্টীৰ যুৱ নেতা কিশোৰ শৰ্মাক মাজবাট বিধানসভা সমষ্টিৰ সকলোধৰণৰ উন্নয়নমূলক আঁচনিসমূহ মনিটৰ কৰাৰ দায়িত্ব প্ৰদান কৰিছে সাংসদ দিলীপ শইকীয়াই।
ইফালে, সাংসদ দিলীপ শইকীয়াৰ অনুপস্থিতিত সকলো সভা-সমিতিত সাংসদগৰাকীৰ ন'মিনি হৈ অংশগ্ৰহণ কৰাৰ বাবেও দায়িত্ব প্ৰদান কৰিছে যুৱ নেতা কিশোৰ শৰ্মাক।
সাংসদ দিলীপ শইকীয়াই কিশোৰ শৰ্মাক এই দায়িত্ব প্ৰদান কৰাত সমগ্ৰ ওদালগুৰি জিলাৰ বিজেপি কাৰ্যকৰ্তাৰ লগতে মাজবাটবাসী গোৰ্খাসকল উৎফুল্লিত হৈ পৰিছে।
Post a Comment