ওদালগুৰি, ২৩ নবেম্বৰ: ক্ৰিকেট খেলুৱৈ আৰু ক্ৰিকেট প্ৰেমীসলৰ বাবে এটি ভাল খৱৰ। প্ৰতি বছৰৰ দৰে এইবেলিও অহা ২৬ ডিচেম্বৰৰ পৰা বিটিআৰৰ অন্তৰ্গত ওদালগুৰি জিলাৰ ৰৌতা ভানুচ'ক হাইস্কুল খেলপথাৰত আৰম্ভ হ'ব সপ্তম 'দলবীৰ সিং লোহাৰ ট্ৰফী' ক্ৰিকেট প্ৰতিযোগিতা।
সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, ৰৌতা আঞ্চলিক সমিতিৰ উদ্যোগত স্বতন্ত্ৰ সেনানী দলবীৰ সিং লোহাৰৰ সোঁৱৰণীত অহা ২৬ ডিচেম্বৰৰ পৰা আৰম্ভ হ'বলগীয়া ক্ৰিকেট প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন ২০২২ বৰ্ষৰ ২৬ জানুৱাৰীৰ দিনাখন অৰ্থাৎ স্বতন্ত্র সেনানী দলবীৰ সিং লোহাৰৰ জন্ম জয়ন্তীৰ দিনাখন অনুষ্ঠিত হ'ব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে।
ৰঙা টেনিছ বলেৰে (মাৰুতি) অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতাত প্ৰতিযোগী দলসমূহৰ ভৰ্তি মাচুল নগত ২৫০০/- টকা ধাৰ্য কৰা হৈছে। আনহাতে প্ৰতিযোগিতাত জয়ী দলক ৫০,০০০/- আৰু ৰানআৰ্চ আপক ৩০,০০০/- টকাসহ ট্ৰফী প্ৰদান কৰা হ'ব।
ইচ্ছুক ক্ৰিকেট দলসমূহক নিম্নোক্ত মোবাইল নম্বৰসমূহত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে আয়োজক সমিতিয়ে। যোগাযোগ- +𝟗𝟏𝟗𝟏𝟎𝟏𝟐𝟑𝟖𝟑𝟎𝟏, +𝟗𝟏𝟕𝟓𝟕𝟖𝟎 𝟓𝟎𝟗𝟗𝟖,+𝟗𝟏𝟔𝟎𝟎𝟐𝟖 𝟒𝟗𝟔𝟔𝟑,+𝟗𝟏𝟕𝟎𝟎𝟐𝟎 𝟒𝟔𝟖𝟕𝟒, +𝟗𝟏𝟕𝟎𝟎𝟐𝟔𝟕𝟔𝟕𝟕𝟓, +𝟗𝟏𝟕𝟎𝟎𝟐𝟒𝟗𝟖𝟗𝟓𝟖
Post a Comment