Kaanchi Multimedia

Weddings • Albums • Modeling • Birthdays

সংসদত গোৰ্খাসকলৰ দ্বিতীয়গৰাকী সাংসদ গৌৰৱ গগৈ : গৌৰৱ‌ গগৈ

বাক্সা, ২৮ আগষ্ট: "যদিও মই গোৰ্খা নহয় তথাপিও গোৰ্খা সমাজক কওঁ যে মই সংসদৰ ভিতৰত গোৰ্খাসকলৰ দ্বিতীয়গৰাকী সাংসদ। আজি গোৰ্খাসকলৰ কেৱল এজন সাংসদ নহয়, সংসদৰ ভিতৰত দুগৰাকী সাংসদ আছে; এগৰাকী ৰাজু বিষ্ট আৰু আনগৰাকী গৌৰৱ গগৈ" - এই মন্তব্য সাংসদ গৌৰৱ গগৈৰ।

আজি বাক্সা জিলা আৰু নাগ্ৰিজুলি ব্লক কংগ্ৰেছ কমিটীৰ যুটীয়া উদ্যোগত জিলাখনৰ বাঙালীপাৰাত অনুষ্ঠিত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নৱনিযুক্ত সভাপতি ভূপেন কুমাৰ বৰাৰ সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত হৈ গোৰ্খাসকলৰ পক্ষত সদাই মাত মাতি অহা কলিয়াবৰ লোকসভা সমষ্টিৰ কংগ্ৰেছী সাংসদ গৌৰৱ গগৈয়ে গোৰ্খা সমাজক উদ্দেশ্যি কৰে এই মন্তব্য।

ইফালে, নাজিৰা সমষ্টিৰ কংগ্ৰেছী বিধায়ক তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক ভাস্কৰ দাহাল, বাক্সা জিলা কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন দৈমাৰীকে আদি কৰি দলটোৰ শীৰ্ষ নেতাসকল উপস্থিত থকা সম্বৰ্ধনা অনুষ্ঠানত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা বাক্সা জিলা সমিতি, পূৱ ডেফেলী আঞ্চলিক সমিতি, অসম গোৰ্খা সন্মিলন বাক্সা জিলা সমিতি, ভোলাঝাৰ শাখা সমিতি আৰু ভোলাঝাৰ গোৰ্খা নাৰী বিকাশ সমিতিৰ লগতে আন বহুকেইটা দল সংগঠনে ঢাকা টুপী, খাদা আৰু গামোছাৰে অভিনন্দন জনাই অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নৱ নিযুক্ত সভাপতি ভূপেন কুমাৰ বৰাৰ লগতে আন কংগ্ৰেছী নেতাসকলক।

Post a Comment

Previous Post Next Post