Kaanchi Multimedia

Weddings • Albums • Modeling • Birthdays

আজি ৭৭ সংখ্যক বলিদান দিবস। গোৰ্খাসকলে কিয় পালন কৰে বলিদান দিবস?

আজি ২৫ আগষ্ট। আজিৰ দিনটো ভাৰতীয় গোৰ্খাসকলৰ বাবে এটি ঐতিহাসিক আৰু স্মৰণীয় দিন। স্বাধীনতা সংগ্ৰামী, বীৰ গোৰ্খা শ্বহীদ মেজৰ দূৰ্গা মল্লৰ সোঁণৱৰণত সমগ্ৰ ভাৰতৰ গোৰ্খাসকলে আজিৰ এই দিনটো 'বলিদান দিৱস' হিচাপে পালন কৰি আহিছে। শ্বহীদ মেজৰ দূৰ্গা মল্ল ভাৰতৰ স্বাধীনতা আন্দোলনত বাবে প্ৰাণ আহুতি দিয়া 'আজাদ হিন্দ ফৌজ' ৰ প্ৰথমগৰাকী বীৰ গোৰ্খা সন্তান আছিল। 

ইংৰাজসকলৰ কবলৰ পৰা ভাৰত ভূমিৰ মুক্তিৰ বাবে হাঁহি হাঁহি নিজৰ জীৱন উচ্ছৰ্গা কৰা বীৰ যোদ্ধা শ্বহীদ দুৰ্গা মল্লৰ ইং ১৯১৩ চনৰ ১ জুলাই তাৰিখে দেৰাদুনৰ ওচৰৰ দৈৱালাত জন্ম হৈছিল। গংগাৰাম মল্ল আৰু পাৰ্ৱতী দেৱীৰ জেষ্ঠ পুত্ৰ দূৰ্গা মল্ল সৰুৰে পৰা অত্যন্ত সাহসী আৰু স্বাভিমানী স্বভাৱৰ আছিল। ইংৰাজসকলৰ বিৰুদ্ধে মহাত্মা গান্ধীৰ নেতৃত্বত ১৯৩০ চনত কৰা দাণ্ডী যাত্ৰাৰ সময়ত দূৰ্গা মল্ল কেৱল নৱম শ্ৰেণীত পঢ়ি আছিল। সেইসময়ত তেওঁৰ বয়স কম হলেও, তেতিয়াৰে পৰা তেওঁ ব্ৰিটিছ সামৰাজ্যবাদৰ বিৰুদ্ধাচৰণ কৰিছিল আৰু ভাৰতৰ পৰা ইংৰাজসকলক খেদি পঠিওৱাৰ সপোন দেখিছিল।

দুৰ্গা মল্লই ১৯৩১ চনত মাত্ৰ ১৮ বছৰ বয়সতেই ধৰ্মচালালৈ গৈ ২/১ গোৰ্খা ৰাইফলছত যোগ দিছিল। দেশপ্ৰেমেৰে উদ্ভূদ্ধ হোৱা বাবেই দুৰ্গা মল্লই 'আজাদ হিন্দ ফৌজ'ৰ বিষয়াসকলৰ ওচৰ ছাপিবলৈ সক্ষম হৈছিল। পাছত ১৯৪২ চনত তেওঁ 'আজাদ হিন্দ ফৌজ' ত যোগদান কৰিছিল। দুৰ্গা মল্লৰ দেখুওৱা কৰ্মদক্ষতা আৰু বীৰত্বৰ বাবে তেওঁ 'আজাদ হিন্দ ফৌজ' ত মেজৰ পদলৈ পদোন্নতি হৈছিল। দুৰ্গা মল্লৰ দক্ষতা আৰু কৰ্মপটুতাৰ বাবে তেওঁক গুপ্তচৰ বিভাগৰো দায়িত্ব দিয়া হৈছিল। কিন্তু দুৰ্ভাগ্যবশতঃ গুপ্তচৰ বিভাগৰ কাম কৰি থকোতে বৃটিছ চৰকাৰে ১৯৪৪ চনৰ ২৭ মাৰ্চত কোহিমাত তেওঁক আটক কৰে। পাছত বৃটিছ চৰকাৰে তেওঁক বিচাৰ প্ৰক্ৰিয়াত দোষী সাব্যস্ত কৰি অৱশেষত দিল্লীৰ লালকিল্লাত মৃত্যু দণ্ডৰে দণ্ডিত কৰিছিল। অৱশ্যে ব্ৰিটিছ চৰকাৰে তেওঁক নিজৰ দোষ স্বীকাৰ কৰিলে মৃত্যু দণ্ডৰ পৰা ৰেহাই দিয়াৰো প্ৰলোভন দিছিল, কিন্তু দেশপ্ৰেমী আৰু স্বাভিমানী দুৰ্গা মল্লই তাক অগ্ৰাহ্য কৰিছিল। তেওঁক মৃত্যুদণ্ডৰ পৰা হাত সৰাবৰ বাবে ব্ৰিটিছ চৰকাৰে দুৰ্গা মল্লৰ পত্নী সৰদাক তেওঁৰ ওচৰলৈ আনি দোষ স্বীকাৰ কৰিবলৈকো কৈছিল, তথাপিও তেওঁ বৃটিছৰ ওচৰত নতশিৰ হৈ দোষ স্বীকাৰ নকৰিলে। দুৰ্গা মল্লই ফাঁচিকাঠৰ পৰাই তেওঁৰ পত্নীক কৈছিল-  "মই ভাৰত বৰ্ষৰ স্বাধীনতা বাবে প্ৰাণৰ যি বলিদান দিব গৈ আছোঁ, সেয়া অথলে নাযাই। মই নিশ্চিত যে ভৰত ইংৰাজসকলৰ হাতৰ পৰা মুক্ত হ'ব। মাত্ৰ কিছু সময়ৰ প্ৰয়োজন।" লগতে তেওঁ পত্নীক আৰু কৈছিল- "সাৰদা তুমি চিন্তা নকৰিবা, মই নাথাকিলেও কোটি কোটি ভাৰতবাসী তোমাৰ লগত আছে।" অৱশেষত বৃটিছে দুৰ্গা মল্লক ১৯৪৪ চনৰ ২৫ আগষ্ট তাৰিখে মৃত্যুদণ্ডৰে দণ্ডিত কৰে।

এই গৰাকী বীৰ শ্বহীদক মৃত্যু দণ্ডৰে দণ্ডিত কৰা এই ঐতিহাসিক দিনটোক ভাৰতীয় গোৰ্খাসকলে তেওঁক সন্মান জনাই তেওঁৰ সুঁৱৰি প্ৰতিবছৰে বলিদান দিবস হিচাপে পালন কৰি আহিছে।

ইফালে ভাৰতীয় গোৰ্খা পৰিসংঘৰ বিশেষ তৎপৰতাত ভাৰতবৰ্ষৰ স্বাধীনতাৰ বাবে গোৰ্খাসকলে কৰা ত্যাগ আৰু বলিদানৰ স্বীকৃতি স্বৰূপে দিল্লীৰ সংসদ ভৱনৰ ৫ নং প্ৰৱেশ দ্বাৰৰ সন্মুখত শ্বহীদ মেজৰ দূৰ্গা মল্লৰ এটি প্ৰতিকৃতি স্থাপন কৰা হয়। উক্ত প্ৰতিমূৰ্তিটো ভাৰতীয় গোৰ্খাসকলে দেশৰ হকে কৰা  ত্যাগ, বলিদান আৰু স্বদেশ প্ৰেমৰ এক জ্বলন্ত উদাহৰণ।

Post a Comment

Previous Post Next Post