Kaanchi Multimedia

Weddings • Albums • Modeling • Birthdays

মাৰ্ঘেৰিটা: জাগুন কথাচেমা গাঁৱত গোৰ্খা উন্নয়ন পৰিষদৰ আধাৰশিলা স্থাপন, বিতৰ্ক সৃষ্টি

মাৰ্ঘেৰিটা: জাগুন কথাচেমা গাঁৱত গোৰ্খা উন্নয়ন পৰিষদৰ আধাৰশিলা স্থাপন, বিতৰ্ক সৃষ্টি

Nelive24: তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সমষ্টিৰ জাগুন কথাচেমা গাঁৱত গোৰ্খা উন্নয়ন পৰিষদৰ উদ্যোগত গোৰ্খা জনগোষ্ঠীৰ বৌদ্ধিক ধৰ্মীক সকলৰ বাবে ৬ লাখ টকাৰ বাউণ্ডেৰি ৱাল নিৰ্মাণৰ আধাৰশিলা আজি স্থাপন কৰা হয়।

অনুষ্ঠানত উপস্থিত থাকে মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়া আৰু গোৰ্খা উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰেম তামাং। তামাং ডাঙৰীয়াই ঘোষণা কৰে যে গোৰ্খা বৌদ্ধধৰ্মী জনগোষ্ঠীৰ বাবে পৰিষদৰ পৰাকৈ ৭ লাখ টকাৰ আৰ্থিক সহযোগিতা আগবঢ়োৱা হ'ব।

ইয়াৰ বিপৰীতে কথাচেমা গাঁৱৰ শ্ৰী শ্ৰী গোৰ্খা বিষ্ণুমন্দিৰ সমিতিয়ে গোৰ্খা উন্নয়ন পৰিষদৰ ওপৰত অভিযোগ উত্থাপন কৰিছে। সমিতিয়ে ব্যক্ত কৰে যে হিন্দুধৰ্মী গোৰ্খাসকলক পৰিষদৰ দ্বাৰা আগবঢ়োৱা সুবিধাসমূহৰ পৰা সম্পূৰ্ণৰূপে বঞ্চিত কৰা হৈছে। এই ক্ষেত্ৰত পৰিষদক অৱগত কৰিয়াও হিন্দুধৰ্মী গোৰ্খাসকলৰ পৰিষদৰ পৰা কোনো আৰ্থিক সহযোগিতা লাভ কৰা নাই।

এই ঘটনা সম্পৰ্কে হিন্দুধৰ্মী গোৰ্খাসকলৰ মাজত তীব্ৰ অসন্তোষ প্ৰকাশ পাইছে। সমিতিয়ে এক সভাৰ আয়োজন কৰি গোৰ্খা উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰেম তামাংক প্ৰশ্ন কৰে যে হিন্দুধৰ্মী গোৰ্খাসকলক বঞ্চিত কৰাৰ কাৰণ কি?

ইয়াৰ পৰিপ্ৰেক্ষিতত গাঁৱত হিন্দু আৰু বৌদ্ধ গোৰ্খাসকলৰ মাজত বিভাজনৰ আশংকা বৃদ্ধি পাইছে। সম্প্ৰতি, বিষয়টো সন্দৰ্ভত পৰিষদৰ পৰা কোনো স্পষ্ট উত্তৰ নাপোৱা হৈ চৰ্চা তীব্ৰ হৈ পৰিছে।

Post a Comment

Previous Post Next Post