Kaanchi Multimedia

Weddings • Albums • Modeling • Birthdays

গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন কলাগুৰু ড° জয়ন্ত কৃষ্ণ শৰ্মা।


গুৱাহাটী, Nelive24: গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক, বিশিষ্ট লেখক, কবি তথা সুবক্তা ড০ জয়ন্ত কৃষ্ণ শর্মাই আজি বিশ্ববিদ্যালয়ৰ 'কলাগুৰু হিচাপে যোগদান কৰে ৷ গুৱাহাটী বিশ্ববিদ্যালয়ত পৰাই সোণৰ  পদক আৰু কৃষ্ণকান্ত সন্দিকৈ বঁটা সহ স্নাতকোত্তৰ ডিগ্রী লাভ কৰা ড° শৰ্মাই প’ষ্ট-ডক্টৰেল গৱেষণাৰ কাম সম্পন্ন কৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ অষ্টিন স্থিত টেক্সাদ বিশ্ববিদ্যালয়ত । থাইলেণ্ডৰ চুলালংকৰ্ণ বিশ্ববিদ্যালয়ত শান্তি অধ্যয়নৰ পাঠ্যক্রম সম্পূর্ণ কৰা ড০ শর্মাৰ বহু গবেষণা পত্র পৃথিবীৰ বিভিন্ন গবেষণা পত্রিকাত প্রকাশিত হৈছে। কলাগুৰু হিচাপে ড° শৰ্মাই এবছৰৰ অধিক কাল কার্যনির্বাহ কৰিব।

Post a Comment

Previous Post Next Post