আজি পবিত্ৰ মহালয়া। পুৱাৰে পৰা চণ্ডী পাঠেৰে মুখৰিত ৰাজ্যৰ চৌপাশ। এইবাৰ হস্তীত উঠি ধৰালৈ আগমণ ঘটিল দেৱী দূৰ্গাৰ।
বিশ্বাস অনুসৰি, এই মহালয়াৰ দিনটোতে ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰে মহিষাসুৰক দমন কৰিবলৈ দেৱী দুৰ্গাৰ সৃষ্টি কৰি আজিৰ দিনটোতে ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰে দেৱী দূৰ্গাক নেত্ৰ প্ৰদান কৰি সম্পূৰ্ণ কৰি তুলিছিল।
বিশ্বাস কৰা হয় যে মহালয়াৰ দিনা ৰাতিপুৱা ধৰাৰ বুকুলৈ নামি আহে মা দূৰ্গা। আজিৰ দিনটোত দেৱী দুৰ্গাই তেওঁৰ সন্তান- লক্ষ্মী, কাৰ্তিক, সৰস্বতী আৰু গণেশৰ সৈতে নাও, হাতী বা ঘোঁৰাত কৈলাশৰ পৰা ধৰালৈ নামি আহে।সেয়ে মহালয়াৰ আৰম্ভণিৰ সময়ত ভক্তসকলে পুৱাই উঠি দেৱী দুৰ্গাক উপাসনা কৰে।
পবিত্ৰ মহালয়াৰ পিছ দিনাখন অৰ্থাৎ কাইলৈৰ পৰা আৰম্ভ হ'ব নৱৰাত্ৰি। নৱৰাত্ৰী উৎসৱ মা দুৰ্গাৰ নটা ৰূপক উৎসৰ্গিত কৰা হৈছে। কাইলৈৰ পৰা ৯ দিন ধৰি ভক্তসকলে ভক্তিৰে মা দুৰ্গাৰ বিভিন্ন ৰূপক পূজা কৰিব। বিশ্বাস কৰা হয় যে দহ দিনৰ ভিতৰত, দেৱী দুৰ্গাই পৃথিৱীৰ পৰা ৰাক্ষসক আঁতৰাই তেওঁৰ ভক্তসকলক আশীৰ্বাদ দিছিল।
উল্লেখ্য যে, বিদেহী পূৰ্বপুৰুষসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ অন্তিমটো দিন হৈছে মহালয়া। অৰ্থাৎ পিতৃপক্ষ আৰু দেৱীপক্ষৰ আৰম্ভণিৰ সময়ছোৱাক মহালয়া বুলি কোৱা হয়। পিতৃপক্ষ মহালয়াৰ অন্তিম দিন। মহালয়াৰ ঠিক পিচদিনাৰ পৰাই আৰম্ভ হয় দেৱীপক্ষৰ আৰু সকলো অশুভ শক্তি ধ্বংস হয়। দেৱীপক্ষৰ আৰম্ভণি দিনটোৰ পৰা দেৱী বিসৰ্জন দিয়া লৈকে মুঠ ৯ দিনক নৱৰাত্ৰি বুলি কোৱা হয়।
মা দুৰ্গাৰ আশীৰ্বাদে সকলোকে কুশলে ৰাখক।
Post a Comment