ভাৰতবৰ্ষক পৰাধীনতাৰ শিকলিৰ পৰা মুক্ত কৰিবলৈ ইংৰাজসকলৰ বিৰুদ্ধে সংগ্ৰাম কৰি যিসকল বীৰ যোদ্ধাই প্ৰাণ আহুতি দিছিল সেইসকলৰ ভিতৰত অন্যতম আছিল আজাদ হিন্দ ফৌজৰ প্ৰথম গোৰ্খা শ্বহীদ মেজৰ দূৰ্গা মল্ল। মেজৰ দুৰ্গা মল্ল দেশ মাতৃৰ স্বাধীনতাৰ বাবে প্ৰাণ আহুতি দিয়া 'আজাদ হিন্দ ফৌজ'ৰ প্ৰথমজন বীৰ গোৰ্খা সন্তান আছিল, যিয়ে দেশৰ হকে হাঁহি হাঁহি নিজৰ জীৱন উচ্ছৰ্গা কৰিছিল।
১৯০৩ চনৰ ১ জুলাইত বৰ্তমান উত্তৰাঞ্চলৰ দেহৰাদুনৰ জিলাৰ ডইৱালা গাঁৱত জন্মগ্ৰহণ কৰা মেজৰ দূৰ্গা মল্লই। মেজৰ দূৰ্গা মল্ল আছিল পিতৃ গংগাৰাম মল্ল আৰু পাৰ্বতী দেৱীৰ জ্যেষ্ঠ পুত্ৰ। তেওঁৰ পিতৃ গংগাৰাম মল্ল আছিল গোৰ্খা ৰাইফলছৰ নায়ক চুবদাৰ।
সৰুৰে পৰাই খেলা-ধূলা, সাহিত্য-সংস্কৃতিৰ দিশত বিশেষ ৰুচি থকা অত্যন্ত সাহসী আৰু স্বভিমানী স্বভাৱৰ দুৰ্গা মল্লক ১৯৩০ চনত মহাত্মা গান্ধীৰ নেতৃত্বত চলা দাণ্ডী পদযাত্ৰাই ধ্যান আকৰ্ষণ কৰিছিল। দাণ্ডী পদযাত্ৰাৰ সময়ত ৰাজহুৱা সভাত মল্লই ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছিল, যাৰ বাবে বৃটিছে তেওঁৰ পৰিয়ালৰ ওপৰত কুপ দৃষ্টি ৰাখিছিল। তেতিয়া তেওঁ আছিল এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰ। বয়স কম হ'লেও তেতিয়াৰে পৰা তেওঁ ব্ৰিটিছ সাম্ৰাজ্যবাদৰ বিৰুদ্ধাচৰণ কৰিছিল আৰু ভাৰতৰ পৰা ইংৰাজসকলক খেদি পঠিওৱাৰ সপোন মনতে পুহি ৰাখিছিল। পাছত তেওঁ ১৯৩১ চনত ১৮ বছৰ বয়সত ধৰ্মশালালৈ ২/১ গোৰ্খা ৰাইফলছত ভৰ্তি হৈছিল যদিও তেখেতৰ দেশভক্তি আৰু দেশৰ প্ৰতি থকা নিস্বাৰ্থ প্ৰেম আৰু শোষিত-নিষ্পেষিত জনতাক পৰাধীনতাৰ শিকলিৰ পৰা মুক্তি কৰিবলৈ সুভাষ চন্দ্ৰ বসুৰ কাষ চপাই আনিছিল।
১৯৪২ চনত সুভাষ চন্দ্ৰ বসুৰ নেতৃত্বত গঠন হোৱা 'আজাদ হিন্দ ফৌজ'ত প্ৰতিষ্ঠাকালৰে পৰা সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা মল্লই অতি কম সময়ৰ ভিতৰতে নিজৰ কৰ্ম দক্ষতা আৰু দেশ ভক্তিৰ বাবে 'মেজৰ' ৰূপে পদোন্নতি লাভ কৰিছিল। পাছত তেওঁ আজাদ হিন্দ ফৌজৰ চোৰাংচোৱা বিভাগত কাম কৰিছিল। পাছত তেওঁ ১৯৪৪ চনৰ ২৭ মাৰ্চৰ দিনা শত্ৰুপক্ষৰ অৱস্থানৰ বিষয়ে বিভিন্ন তথ্য সংগ্ৰহ কৰি থকাৰ সময়ত কহিমাৰ নিকটৱৰ্তী উখ্ৰুল নামৰ ঠাইত বৃটিছে গ্ৰেপ্তাৰ কৰে। যুদ্ধবন্দী হিচাপে তেখেতক লালকিল্লাত ৰখা হয় আৰু বৃটিছ আদালতে বিভিন্ন গোচৰৰ অভিযোগত তেওঁক দোষী সাব্যস্ত কৰি ফাঁচীৰ ৰায়দান দিয়ে। ইংৰাজসকলে তেওঁক দোষ মুক্ত কৰিবলৈ কৰা বহুতো প্ৰচেষ্টা কৰিছিল যদিও সকলো চেষ্টা বিফল হৈছিল। তেওঁৰ মন বিচলিত কৰিবলৈ সেইসময়ত ঘৈণীয়েকক দিল্লীৰ কাৰাগাৰলৈ অনা হৈছিল যদিও স্বাধীনতাৰ পূজাৰী, নিস্বাৰ্থী, স্বাভিমানী মেজৰ দূৰ্গা মল্লই ঘৈণীয়েকক কৈছিল, ''মই দিয়া প্ৰাণ আহুতি অথলে নাযাব। ভাৰত স্বাধীন হ'ব। তুমি ইয়াত অকণো বেজাৰ নকৰিবা শাৰদা! মই নাথাকিলেও কোটি কোটি ভাৰতীয় লোক তোমাৰ লগত আছে।''
উল্লেখযোগ্য যে, ১৯৪১ চনত শাৰদা মল্লৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা দূৰ্গা মল্লই বিয়াৰ তিনিদিনৰ পাছত সাংগঠনিক কামৰ বাবে ঘৰ এৰি গৈছিল। তাৰ পাছত তেওঁৰ আৰু পত্নীৰ দেখা-দেখি হৈছিল দিল্লীৰ জিলা কাৰাগাৰত।
১৯৪৪ চনৰ ১৫ আগষ্টৰ দিনা দূৰ্গা মল্লক লালকিল্লাৰ কাৰাগাৰৰ পৰা দিল্লীৰ জিলা কাৰাগাৰলৈ অনা হৈছিল আৰু তাৰ ঠিক দহদিন পিছত ১৯৪৪ চনৰ ২৫ আগষ্ট অৰ্থাৎ আজিৰ দিনটোতে তেওঁক ব্ৰিটিছে ফাঁচী-কাঠত ওলোমাই হত্যা কৰিছিল।
আজাদ হিন্দ ফৌজৰ বীৰযোদ্ধা, স্বতন্ত্ৰতা সেনানী মেজৰ দূৰ্গা মল্লই ৩১ বছৰ বয়সত অমূল্য জীৱন ত্যাগ কৰি আজাদ হিন্দ ফৌজৰ প্ৰথম শ্বহীদ ৰূপে গণ্য হৈছিল। এনে উদাহৰণ বৰ বিৰল।
ইফালে, ভাৰতীয় গোৰ্খা পৰিসংঘৰ বিশেষ তৎপৰতাত ভাৰতৰ স্বাধীনতাৰ বাবে গোৰ্খাসকলে কৰা ত্যাগ আৰু বলিদানৰ স্বীকৃতি স্বৰূপে ২০০৪ চনত তৎকালীন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ কাৰ্যকালত তেওঁৰ স্মৃতিত সংসদ ভৱনৰ পৰিসৰৰ ৫ নং প্ৰৱেশ দ্বাৰৰ সন্মুখত এটি প্ৰতিমূৰ্ত্তি নিৰ্মাণ কৰা হয় যিটো প্ৰতিমূৰ্ত্তি প্ৰতিমূৰ্তি ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে অনাৱৰণ কৰে।
শ্বহীদ মেজৰ দূৰ্গা মল্লই দেশৰ হকে কৰা ত্যাগ আৰু বীৰত্বক সন্মান জনাই দেশভক্ত গোৰ্খাসকলে ভাৰতব্যাপী ২৫ আগষ্টৰ দিনটো 'বলিদান দিৱস' হিচাপে পালন কৰি আহিছে।
Post a Comment