Northeast India Live
LiveSearchNewsroom
NE Live 24
  • राजनीति
  • विश्लेषण
  • असम
  • सिक्किम
  • उत्तर - पूर्वाञ्चल
  • राष्ट्रिय
  • अन्तर्राष्ट्रिय
Home›असम›গোৰ্খা উন্নয়ন পৰিষদৰ বৃহৎ পদক্ষেপ: তেজপুৰত ছাত্ৰাবাস নিৰ্মাণ আৰু বিনামূলীয়া APSC প্ৰশিক্ষণ | Nelive24
असम

গোৰ্খা উন্নয়ন পৰিষদৰ বৃহৎ পদক্ষেপ: তেজপুৰত ছাত্ৰাবাস নিৰ্মাণ আৰু বিনামূলীয়া APSC প্ৰশিক্ষণ | Nelive24

Super Admin5 June 20262 min read


ডিজিটেল ডেস্ক, nelive24.in: অসমৰ গোৰ্খা সমাজৰ শৈক্ষিক, সাংস্কৃতিক আৰু আৰ্থ-সামাজিক উন্নয়নৰ দিশত গোৰ্খা উন্নয়ন পৰিষদ (GDC), অসমে এক বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে। পৰিষদৰ উদ্যোগত তেজপুৰত অত্যাধুনিক গোৰ্খা ছাত্ৰাবাস নিৰ্মাণ আৰু বিনামূলীয়া APSC প্ৰশিক্ষণৰ কথা ঘোষণা কৰা হৈছে। গোৰ্খা ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক সুবিধাৰ্থে পৰিষদৰ অধ্যক্ষ প্ৰেম তামাঙে তেজপুৰৰ নেপালীপট্টীস্থিত পুৰণি ছাত্ৰাবাস অৰ্থাৎ তদানীন্তন দৰং নেপালী ছাত্ৰ সন্থাৰ ছাত্ৰাবাস তথা গোৰ্খা সাংস্কৃতিক প্ৰকল্পটো পুনৰুজ্জীৱিত কৰি এটা সুসজ্জিত গোৰ্খা ছাত্ৰাবাস নিৰ্মাণৰ কথা প্ৰকাশ কৰিছে। প্ৰায় ত্ৰিছগৰাকী শিক্ষাৰ্থী থাকিব পৰা আৰু এটা পুথিভঁৰাল সমৃদ্ধ এই ছাত্ৰাবাস নিৰ্মাণৰ সকলো প্ৰাৰম্ভিক পৰিষদীয় কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু অতি শীঘ্ৰে ইয়াৰ নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব। আনহাতে, চলিত বৰ্ষতো পৰিষদৰ তৰফৰ পৰা বিনামূলীয়া APSC প্ৰশিক্ষণ প্ৰদান কৰা হ'ব আৰু আগন্তুক ১৫ জুনৰ ভিতৰত ইয়াৰ বাবে অনলাইনযোগে আবেদন গ্ৰহণ মুকলি কৰা হ'ব।

ইয়াৰ সমান্তৰালভাৱে, শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ অন্তৰ্গত চিতলমাৰী অধিকাৰীপালত অসম চৰকাৰৰ গোৰ্খা উন্নয়ন পৰিষদৰ পুঁজিৰে নিৰ্মিত গোৰ্খা সাংস্কৃতিক মঞ্চখন আনুষ্ঠানিকভাৱে ৰাইজলৈ উচৰ্গা কৰা হয়। এই সাংস্কৃতিক মঞ্চই স্থানীয় শিল্পী, সাহিত্যিক, যুৱ-প্ৰজন্ম আৰু সমাজৰ সকলো স্তৰৰ লোকক নিজৰ প্ৰতিভা বিকাশ আৰু সংস্কৃতি সংৰক্ষণৰ ক্ষেত্ৰত এক শক্তিশালী মঞ্চ প্ৰদান কৰাৰ লগতে সমগ্ৰ অঞ্চলটোৰ সাংস্কৃতিক বিকাশত নতুন গতি সঞ্চাৰ কৰিব বুলি পৰিষদে আশা ব্যক্ত কৰিছে। এই প্ৰকল্পটো বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত জড়িত নিৰ্মাণ সমিতি তথা অঞ্চলবাসী ৰাইজলৈ অধ্যক্ষগৰাকীয়ে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। এই উদ্বোধনী অনুষ্ঠানৰ লগতে সংগতি ৰাখি অঞ্চলটোৰ ৰাইজ তথা সমূহীয়া সংস্থাসমূহৰ মাজত টিনপাত বিতৰণ কৰা হয়। পৰিষদৰ সদস্য থৰ্ক অধিকাৰীয়ে আঁত ধৰা এই অনুষ্ঠানত অধ্যক্ষ প্ৰেম তামাং, সদস্য সঞ্জীৱ ক্ষেত্ৰী, ৰাজু ছেত্ৰী, আগছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক গোপাল আচাৰ্য, প্ৰাক্তন জিলা সভাপতি পুষ্প পৌডেল আৰু গোৰ্খা সম্মিলন শোণিতপুৰ জিলা সচিব ললিত খৰ্কাকে ধৰি বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

একেদৰে, অসম চৰকাৰৰ গোৰ্খা উন্নয়ন পৰিষদৰ ২০২৪-২৫ বৰ্ষৰ বিত্তীয় পুঁজিৰ অধীনত ওদালগুৰি জিলা সদৰত অৱস্থিত গোৰ্খা ভৱনতো ৰাইজৰ মাজত সুচাৰুৰূপে টিনপাত বিতৰণ কৰা হয়। আনহাতে, ঢেকীয়াজুলি সমষ্টিৰ অন্তৰ্গত বিভিন্ন অঞ্চলত পৰিষদৰ কাম-কাজসমূহ ত্বৰান্বিত কৰাৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। শোণিতপুৰৰ ভঙামন্দিৰ চাৰিআলিত অসম আন্দোলনৰ প্ৰথমগৰাকী মহিলা শ্বহীদ বৈজয়ন্তী দেৱী ভট্টৰাইৰ প্ৰতিমূৰ্তি অহা জুলাই মাহৰ ভিতৰত উন্মোচন কৰাৰ প্ৰস্তুতি চলোৱা হৈছে। লগতে বৰচলাত অৱস্থিত বিশিষ্ট কবি হৰিভক্ত কটুৱালৰ প্ৰতিমূৰ্তিৰ চৌপাশৰ সৌন্দৰ্যবৰ্ধনৰ কাম ক্ষীপ্ৰতাৰে চলি আছে। এই সন্দৰ্ভত আগ্ছু মিছামাৰী, ঢেকীয়াজুলি আৰু শিঙৰী  আঞ্চলিক সমিতিৰ প্ৰতিনিধিসকলে শিঙৰী আঞ্চলিক সমিতিৰ কাৰ্যালয় নিৰ্মাণ আৰু উল্লেখিত প্ৰতিমূৰ্তিসমূহৰ কাম শীঘ্ৰে সম্পূৰ্ণ কৰি ৰাইজক হস্তান্তৰ কৰিবলৈ পৰিষদক আহ্বান জনায়। আগন্তুক দিনত ৰাইজৰ স্বাৰ্থত পৰিষদ আৰু ছাত্ৰ সন্থাই একেলগে সক্ৰিয়ভাৱে কাম কৰি যোৱাৰ বিষয়েও সভাত গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়।

#Dhekiajuli News#Free APSC Coaching Assam#GDC Assam#Gorkha Development Council#NELIVE24#Prem Tamang#Tezpur Gorkha Hostel#Udalguri News
About the Author
S

Super Admin

Editor-in-Chief

Related Stories

Related Stories

लखिमपुरमा गोर्खा परिसंघको ७औँ अधिवेशन र मेजर दुर्गा मल्लको ८२औँ बलिदान दिवसको तयारी: स्वागतकारिणी समिति गठन

लखिमपुरमा गोर्खा परिसंघको ७औँ अधिवेशन र मेजर दुर्गा मल्लको ८२औँ बलिदान दिवसको तयारी: स्वागतकारिणी समिति गठन

15 Jun 2026
शोणितपुरमा गोर्खा गौरव: GDC द्वारा मणि कुमार सुब्बा र मेजर दुर्गा मल्लको शालिक अनावरण हुँदै | Nelive24

शोणितपुरमा गोर्खा गौरव: GDC द्वारा मणि कुमार सुब्बा र मेजर दुर्गा मल्लको शालिक अनावरण हुँदै | Nelive24

29 May 2026
বিশ্বনাথত গোৰ্খা উন্নয়ন পৰিষদৰ উদ্যোগত বীৰ শ্বহীদ মেজৰ দুৰ্গা মল্ল আৰু বাবু ছবিলাল উপাধ্যায়ৰ প্ৰতিমূৰ্তি উন্মোচন তথা মুকলি ৰংগমঞ্চৰ আধাৰশিলা স্থাপন

বিশ্বনাথত গোৰ্খা উন্নয়ন পৰিষদৰ উদ্যোগত বীৰ শ্বহীদ মেজৰ দুৰ্গা মল্ল আৰু বাবু ছবিলাল উপাধ্যায়ৰ প্ৰতিমূৰ্তি উন্মোচন তথা মুকলি ৰংগমঞ্চৰ আধাৰশিলা স্থাপন

23 Feb 2026

Categories

  • अन्तर्राष्ट्रिय
  • असम
  • उत्तर - पूर्वाञ्चल
  • राजनीति
  • राष्ट्रिय
  • विश्लेषण
  • समाचार
  • साहित्य
  • साहित्य
  • सिक्किम
  • অসমীয়া

Trending

  1. 1
    ড০ ইন্দুপ্রভা দেৱীলৈ অসম সাহিত্য সভাৰ বাসুদেৱ জালান স্মাৰক বঁটা:

    1 view

  2. 2
    सत्ताको मोह र पहिचानको व्यापार: BTC का गोर्खा संगठनहरूमाथि उब्जिएका केही अनुत्तरित प्रश्नहरू

    1 view

  3. 3
    भाजपा OBC मोर्चा असमको सूचना प्रविधि कोषमा रोशन कुमार भट्टराई नियुक्त; नेरिस्टदेखि आग्सु एकीकरणसम्म यस्तो छ उनको १२ वर्षे गौरवमय यात्रा

    1 view

  4. 4
    শোণিতপুৰৰ নাবালিকাৰ মৃত্যু আৰু চিকিৎসাৰ গাফিলতি: মুখ্যমন্ত্ৰীলৈ ন্যায়ৰ আহ্বান| Nelive24
  5. 5
    लखिमपुरमा गोर्खा परिसंघको ७औँ अधिवेशन र मेजर दुर्गा मल्लको ८२औँ बलिदान दिवसको तयारी: स्वागतकारिणी समिति गठन

Stay Updated

Get the latest stories from Northeast India in your inbox.

Tags

#AAGSU#AAGSU Press Meet#AGOS#AGS#All Assam Gorkha Students' Union#Ashok Singhal#Assam Elections 2026#Assam Gorkha#Assam Gorkha Politics#Assam Gorkha Sammelan#Assam Gorkhas#Assam History#Assam News#Assam Police investigation#Assam Tea Tribe#Assam minor girl case#AssamNews#AssamPolitics#Assamese Film#Assamese Gorkha

Weather · Guwahati, Assam

Nepali Patro

NE Live 24

Northeast India Live News — Assam & Beyond

  • Home
  • Search
  • Admin

Designed & Developed by StarcWeb Digital Services

© 2026 NeLive24. All rights reserved.