Kaanchi Multimedia

Weddings • Albums • Modeling • Birthdays

ভাৰতীয় উপকূলৰক্ষী বাহিনী (ICG) ৰ সহকাৰী কামাণ্ডেন্ট পদত নিযুক্ত লাভ দিগন্ত শৰ্মাৰ


ধেমাজি, ১৫ ডিচেম্বৰ: অসমবাসীৰ বাবে এটি সুখৱৰ। ভাৰতীয় উপকূলৰক্ষী বাহিনী অৰ্থাৎ Indian Coast Guard- ICG ৰ সহকাৰী কামাণ্ডেন্ট পদত নিযুক্ত লাভ কৰিলে অসম সন্তান দিগন্ত শৰ্মাই।

ধেমাজি জিলাৰ গোগামুখ পাঁচমাইল নিবাসী বুদ্ধি শৰ্মাৰ সুযোগ্য সন্তান দিগন্ত শৰ্মাই ভাৰতীয় নৌসেনা একাডেমী (Indian Naval Academy- INA) ৰ দ্বাৰা পৰিচালিত CGCAT পৰীক্ষাত ভাৰতৰ ভিতৰতে ২য় স্থান দখল কৰি সহকাৰী কামাণ্ডেন্ট পদত নিযুক্ত লাভ কৰে।

অসম ইঞ্জিনিয়াৰিং মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছতে দিগন্তই সৰ্বভাৰতীয় পৰ্যায়ত এই পৰীক্ষাত সফলতা লাভ কৰি সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।

Post a Comment

Previous Post Next Post