তিনিচুকীয়া, ১৩ ডিচেম্বৰ: তিনিচুকীয়াবাসীৰ বাবে এটি ভাল খৱৰ। তিনিচুকীয়া জিলাৰ খেতুপথাৰ নিৱাসী প্ৰতিভাৱান খেলুৱৈ হেনা লিম্বুয়ে আন্তঃ জিলা ৱাকো কিক্ বক্সিং চেম্পিয়নশ্বিপ ২০২২ ত সোণৰ পদক লাভ কৰি সমগ্ৰ তিনিচুকীয়ালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।
জানিব পৰা মতে, Shivsagar District Amateur Kickboxing Association ৰ উদ্যোগত যোৱা ১১ ডিচেম্বৰ তাৰিখে শিৱসাগৰৰ শিমলুগুৰি নাট্য মন্দিৰ প্ৰাংগনত অনুষ্ঠিত হোৱা আন্তঃ জিলা ৱাকো কিক্ বক্সিং চেম্পিয়নশ্বিপ ২০২২ ত এই পদক লাভ কৰে হেনা লিম্বুয়ে।
প্ৰতিভাৱান খেলুৱৈ হেনা লিম্বুৰ এই সফলতাত তেওঁৰ পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলবাসী উৎফুল্লিত হৈ পৰে। আনহাতে, খেলুৱৈগৰাকীক গোৰ্খা ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল সংগঠনে অভিনন্দন জনাই।
Post a Comment