Kaanchi Multimedia

Weddings • Albums • Modeling • Birthdays

আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা- AAGSU ৰ ৪৭ সংখ্যক প্ৰতিষ্ঠা দিৱস


গুৱাহাটী, ২৬ ডিচেম্বৰ: সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা চমুকৈ আগছুৰ আজি ৪৭ সংখ্যক প্ৰতিষ্ঠা দিৱস।

১৯৭৬ চনৰ আজিৰ দিনটোতেই  ৰাজ্যিক ভিত্তিত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই প্ৰতিষ্ঠা লাভ কৰিছিল।

অৱশ্যে, তাৰ আগতে ১৯৪৬ চনৰ ১৩ নবেম্বৰ তাৰিখে তেজপুৰ গোৰ্খা ছাত্ৰ সন্থা, ১৯৫২ চনত দৰং জিলা গোৰ্খা ছাত্ৰ সন্থা আৰু ১৯৬৭-৭৮ চনতেই হাফলং গোৰ্খা ছাত্ৰ সন্থাৰ জন্ম হৈছিল। কিন্তু, ৰাজ্য ভিত্তিক সংগঠনটোৱে 'All Assam Gorkha Students Union- সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা' নামেৰে ১৯৭৬ চনৰ আজিৰ দিনটোতে প্ৰতিষ্ঠা লাভ কৰে।

সংগঠনটোৰ ৪৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি ৰাজ্যৰ কেইবাটাও জিলাত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। 

জানিব পৰা মতে, গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ডিব্ৰুগড় জিলা সমিতি গোৰ্খা ছাত্ৰ সন্থাই ২৫ আৰু ২৬ তাৰিখে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে প্ৰতিষ্ঠা দিৱস আয়োজন কৰে। আনহাতে, শোণিতপুৰত ৰক্তদান শিৱৰ আয়োজন কৰে গোৰ্খা ছাত্ৰ সন্থাই।

Post a Comment

Previous Post Next Post